ক'ৰোনাত আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত অধ্যাপিকা হৈময়ন্তী তালুকদাৰৰ মৃত্যু

#সঞ্জীৱ দাস, বজালী

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা তথা সৰুপেটা নিবাসী হৈময়ন্তী তালুকদাৰ(৬৩)ৰ আজি মৃত্যু হয়। জানিব পৰা মতে, যোৱা দুদিন ধৰি কাহত ভুগি আছিল তেওঁ। যাৰ পৰিপ্ৰেক্ষিতত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল তালুকদাৰক আৰু ক'ৰোনা প'জিটিভ পোৱাৰ অন্ততঃ চিকিৎসাধীন অৱস্থাত আজি তেখেতে ইহসংসাৰৰ পৰা বিদায় লয়। ভৱানীপুৰ আৰু সৰুপেটা অঞ্চলৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত থকা তথা কবি, শিল্পী হিচাপে পৰিচিত হৈময়ন্তী তালুকদাৰৰ মৃত্যুত সৰুপেটা-ভৱানীপুৰ অঞ্চলত শোকৰ ছাঁ পৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা