নগাঁৱৰ এঘাৰ মাইলত ভয়ংকৰ অগ্নিকাণ্ড≈≈সাতখনকৈ দোকানৰ সত্তৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মে’: নগাঁও জিলাৰ দক্ষিণ-পূৱ প্ৰান্তৰ ৰাঙলু আৰক্ষী চকীৰ এলেকাধীন এঘাৰ মাইলত শনিবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে প্ৰায় ৭০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ প্ৰাপ্ত খবৰ মতে, কৰ’নাৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতে দোভাগ নিশা ৰহস্যজনকভাবে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত ইলেক্ট্ৰনিকছৰ দোকান, কাপোৰৰ দোকান, কাঠৰ টিম্বাৰ, গেলামালৰ দোকানকে ধৰি মুঠ সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ ফলত বিক্ৰীৰ বাবে মজুত কৰি থোৱা ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ বিভিন্ন সামগ্ৰী, আচবাব আদি জুইত ভস্মীভূত হয় ৷ ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয় বহুলোক সমবেত হৈ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু খবৰ পোৱাৰ পিছতো স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক প্ৰায় তিনি ঘণ্টা পলমকৈহে ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে ৷ অৱশ্যে স্থানীয় ৰাইজে পানী, বালি, বোকা আদি ছটিয়াই বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অদ্যপি পোহৰলৈ অহা নাই যদিও ঘটনাস্থলীত পেট্ৰ’লৰ গোন্ধ বিয়পি পৰাত কোনো দুৰ্বৃত্তই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰাৰ আশংকা কৰিছে একাংশ স্থানীয় লোকে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা