ৰাজ্যিক বিজেপিৰ সাতদিনীয়া "অনলাইন যোগাসন শিবিৰ" সফল পৰিসমাপ্তি

গুৱাহাটী, ৩১ মে' : যোগাসনে শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ বিকাশ সাধন কৰে। কভি'ড  মহামাৰীৰ লগতে লক ডাউনৰ এই জটিল সময়তছোৱাত যাতে সকলোৱে ঘৰতে থাকি যোগাসনৰদ্বাৰা এক সুস্থ সবল শৰীৰত অধিকাৰী হ'ব পাৰে। এই উদ্দেশ্যি ৰাজ্যিক বিজেপিয়ে সমগ্ৰ ৰাজ্যজুৰি আয়োজন কৰা সাতদিনীয়া "অনলাইন যোগাসন শিবিৰ"ৰ আজি সফল পৰিসমাপ্তি ঘটিছে। আজি সপ্তম তথা অন্তিম দিনাৰ কাৰ্যসূচী উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু কিৰণ  ৰিজিজু , ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা ডাঙৰীয়া আৰু 'স্বামী বিবেকানন্দ যোগ অনুসন্ধনা সংস্থা'ৰ মাননীয় উপাচাৰ্য্য ডঃ এইচ আৰ নগেন্দ্ৰ ডাঙৰীয়া উপস্থিত থাকে ৷ এই সাতদিনীয়া অনলাইন শিবিৰৰ প্রতিটো দিনেই  ৰাজ্যিক বিজেপিৰ মৰ্চাৰসমূহৰ নেতৃত্বত পৰিচালিত হৈছিল। উল্লেখ্য যে যোৱা ২৫ মে'ত ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ৰণজিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শুভাৰম্ভনি কৰা সমগ্ৰ অনুষ্ঠানটোত মূল প্ৰশিক্ষকৰ দায়িত্বত আছিল হোজাই সমষ্টিৰ বিধায়ক তথা দলৰ জোষ্ঠ নেতা ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা