বঙাইগাঁৱৰ স্বাগত হাস্পতালত প'জিটিভ মহিলাই জন্ম দিলে নিগেটিভ সন্তান

বঙাইগাঁওঃ ১২ মেঃ ক'ৰোনা মহামাৰীৰ বিশ্বব্যাপী সংহাৰী ৰূপত এতিয়া চিকিৎসা ক্ষেত্ৰখনত চিকিৎসা প্ৰদান প্ৰত্যাহ্বান হিচাপে দেখা দিছে ৷ কিন্তু তাৰ মাজতো কেতিয়াবা দুই এটা খবৰ ভাল খবৰ হিচাপে বিবেচিত হয় ৷ তেনে এক ভাল খবৰ আহিল বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালৰ পৰা ৷ হাস্পতালখনত বুধবাৰে এগৰাকী প'জিটিভ গৰ্ভৱতী মহিলাই জন্ম দিলে এটি নিগেটিভ সন্তান ৷ উল্লেখ্য যে বুধবাৰে পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতালত এগৰাকী ক'ভিড পজিটিভ গৰ্ভৱতী মহিলাক হাস্পতালখনৰ প্ৰসূতীৰোগ বিভাগৰ চিকিৎসক ডাঃ এছ কে দাসৰ তত্বাৱধানত অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ মহিলাগৰাকীয়ে জন্ম দিয়া সন্তানটি নিগেটিভ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ক'ভিড ৰোগৰ বাবে আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ, আছুতীয়া আই চি ইউ ৰ ব্যৱস্থা কৰা হয় ৷ যিটো সকলো হাস্পতালৰ বাবে সম্ভৱ নহয়। প্ৰাইভেট হাস্পতালৰ এনে প্ৰচেষ্টা নিশ্চয়কৈ স্বাস্থ্যখণ্ডৰ বাবে ভাল খবৰ৷ আনহাতে মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ কাৰ্যত জড়িত হাস্পতালখনৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলো ইয়াৰ বাবে নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা