বাৰিষাৰ দিন সমাগত, শংকাত নিদ্ৰা নাই সৰ্থেবাৰী অঞ্চলৰ ৬০ খন গাঁৱৰ ৰাইজৰ

সৰ্বত্ৰে এতিয়া কৰোনাতঙ্ক।  কৰোনাৰ দুশ্চিন্তাত  দিন অতিবাহিত  কৰিছে সাধাৰণ  জনতা । 

কিন্ত  কৰোনাতঙ্কৰ মাজতে এতিয়া বানৰ শঙ্কাত  দিন অতিবাহিত  কৰিব  লগীয়া হৈছে ৬০ খন গাঁৱৰ কৃষক তথা  সাধাৰণ গঞাই । আছে দুটাকৈ  নদী নাই এটাও মথাউৰি । যাৰ বাবে দুশ্চিন্তাত  অতিবাহিত  হৈছে দিন । 

নলবাৰী  সৰ্থেবাৰী অঞ্চলৰ ৬০ গাঁৱৰ  কৃষক ৰাইজৰ লগতে সাধাৰণ  জনতা পুনৰ বানৰ আশঙ্কাত অতিবাহিত  কৰিছে দিন । বাৰিষা সমাগত । বাৰিষা আহিলেই বুকু কপে গঞাৰ । কিয়নো আছে দুখনকৈ নদী পিছে নাই মথাউৰি । বুঢ়াদিয়াৰ  লগতে টিহু নদীৰ  দক্ষিণ  পাৰৰ  মথাউৰি কেইবাঠাইতো  চিঙি চুৰ্ণ বিচূৰ্ণ হৈ আছে । উন্মুক্ত  হৈ আছে দুয়োখন  নদী । পানীৰ ঢল আহিলেই প্লাৱিত  হব অঞ্চলটোৰ  ৬০ খন গাঁৱৰ  ৰাইজ। এই ভগ্ন মথাউৰিলৈ মন কৰক । বিগত কেইবাবছৰ ধৰি এইদৰে উন্মুক্ত  হৈ আছে টিহু আৰু বুঢ়াদিয়া নদীৰ দক্ষিণ  পাৰৰ  মথাউৰি । বুঢ়াদিয়া আৰু টিহু নদীৰ বানে তচনচ কৰা মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ  বিভাগৰ কোনো তৎপৰতা নোহোৱাত  পুনৰ দুশ্চিন্তাত  দিন  অতিবাহিত  কৰিব  লগীয়া হৈছে বৃহত্তৰ  অঞ্চলৰ সাধাৰণ  জনতা । বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাই ৰাজ্যৰ ভগ্ন  মথাউৰি নিৰ্মাণ কৰাৰ বাবে হৈছে তৎপৰ । পিছে সততে মাহী আইৰ  চকুৰে চোৱা ঐতিহাসিক  সৰ্থেবাৰীৰ ৬০ খন গাঁৱৰ  দুৰ্দশাৰ কথা ভাবিবলৈ মন্ত্ৰী  পিযুষ হাজৰিকাৰ  আহৰি হব নে ! সৰ্থেবাৰী অঞ্চলৰ  ৬০ খন  গাঁৱৰ  ৰাইজ বানৰ আশঙ্কাৰ  পৰা মুক্ত  কৰাৰ বাবে মন্ত্ৰী  পিষুজ হাজৰিকাই বুঢ়াদিয়া আৰু টিহু নদীৰ প্ৰায় পাঁচ  কিলোমিটাৰ  মথাউৰি নিৰ্মাণ  কৰাৰ  ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ  কৰিব  নে ? সেয়াই হৈছে এতিয়া সাধাৰণ  গঞাৰ লাখ টকীয়া প্ৰশ্ন ।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা