কৰ’নাই ম্লান কৰিলে ঈদ-উল-ফিতৰৰ আনন্দ-উছাহ≈≈দেখা নগ’ল সমূহীয়া নামাজৰ মনোমোহা দৃশ্য

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৪ মে’: সমগ্ৰ বিশ্ব তথা ৰাজ্যৰ লগতে নগাঁও জিলাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰে পবিত্ৰ ঈদ -উল ফিতৰ । ত্যাগ আৰু সংযমৰ প্ৰতীক পবিত্ৰ ৰমজান মাহৰ সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ অন্তত আনন্দৰ এই উৎসৱ উলহ-মালহেৰে উদযাপন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । কিন্তু বৰ্তমান সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ দ্বিতীয়টো লহৰৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে ৰাজ্যত সকলো উৎসৱ-পাৰ্বন উদযাপনত কেতবোৰ নীতি-নিৰ্দেশনা বাহাল ৰাখিছে ৷ সেয়ে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকে এনে নিৰ্দেশনা মানি সমূহীয়া নামাজৰ পৰিৱৰ্তে নিজ নিজ ঘৰতেই ঈদৰ নামাজ আদায় কৰে ৷ মুঠতে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকে যোৱা বছৰৰ দৰে এইবাৰো যেন ত্যাগ কৰিছে ঈদৰ আনন্দ । সাধাৰণতে ঈদ বুলি ক’লে দুচকুত ভাঁহি উঠে কিছু চিনাকী দৃশ্য । এইবোৰৰ ভিতৰত বজাৰত নানান তৰহৰ পিঠা, লাড়ু, মিঠাইৰ পয়োভৰ, নতুন কাপোৰ পিন্ধি নামাজ পঢ়াৰ পৰম্পৰা, আত্মীয়-স্বজনৰ খবৰ লোৱা, বহি:ৰাজ্যত কৰ্মৰত লোক নিজৰ ঘৰলৈ অহা আদি অন্যতম ৷ তদুপৰি ঈদৰ এপষেক আগৰে পৰাই হাট-বজাৰত মানুহৰ ভিৰৰ বিপৰীতে মছজিদ আৰু ঈদগাহ মৈদানক ন-ৰূপেৰে সজাই তোলা, বাটে-পথে আদৰণি তোৰণ বনোৱাৰ বাবে সকলোৰে চৰম ব্যস্ততা ৷ আনকি ঈদৰ দিনা শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে পুৱাই গা ধুই নতুন কাপোৰ পিন্ধি গাত সুগন্ধি লগাই সৰুৱে জেষ্ঠ জনৰ পৰা আৰ্শীবাদ লোৱা আৰু সৰুক মৰম কৰা, সমনীয়া সকলে আলিংগন কৰি এজনে আন জনক সাবটি ধৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি নিদিষ্ট সময়ত ঈদগাহ মৈদানত হাজাৰ হাজাৰ লোক এক গোট হৈ সমূহীয়াভাবে ঈদৰ নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰে। লগতে  ঈদ উপলক্ষে ধনী লোকে দৰিদ্ৰ পৰিয়ালৰক খাদ্য সামগ্ৰী, টকা পইচা আৰু নতুন কাপোৰ দি সহায় কৰে । মুঠতে  ঈদৰ দিনা ধনী-দুখীয়া সকলোৱে একত্ৰিত হৈ একে শাৰীতে বহি ঈদৰ নামাজ আদায় কৰি নিজৰ লগতে বিশ্ববাসীৰ  বাবে আল্লাহৰ ওচৰত দোৱা কৰাৰ মনোমোহা দৃশ্যই সমন্বয়ৰ এক বিশেষ বাৰ্তা বহন কৰে। কিন্তু এইবেলি ঈদৰ এনে পৰম্পৰা তথা দৃশ্যৰাজি ধূসৰ হ’ল একমাত্ৰ কৰ’নাৰ বিভীষিকাৰ বাবেই ৷ সকলোয়ে নিয়ম মাফিক পালন কৰিলে ঈদ-উল-ফিতৰ ৷ এক কথাত কৰ’নাই নোহোৱা কৰিলে এইবাৰৰো ঈদৰ আনন্দ-উল্লাস তথা ৰং-তামাচা ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা