# চুমিলা ৰংহাংপীৰ ৰাজহুৱা সাক্ষ্য গ্ৰহন≈≈তদন্ত আয়োগক জাষ্টিচ ফ’ৰামৰ স্মাৰকপত্ৰ প্ৰদান≈≈ৰাজ্যজুৰি ২২ মে’ত তীব্ৰ প্ৰতিবাদ জনাব ফ’ৰামে#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ মে’: ৰাজ্য কঁপোৱা নাৱালিকা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি মঙলবাৰে ৰহাত অনুষ্ঠিত হয় ৷ এই ৰাজহুৱা শুনানিত উপস্থিত থাকি জাষ্টিচ ফ'ৰাম ফৰ অপ্ৰেছডৰ কৰ্মকৰ্তা সকলে সাক্ষ্য গ্ৰহন কৰা এজনীয়া তদন্ত আয়োগৰ ওচৰত সাক্ষ্য প্ৰদান কৰাৰ লগতে এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ফ’ৰামৰ মুখ্য আহ্বায়িকাদ্বয় সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু কাৰ্বি নিমচ ছিংথুৰ আছংৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে এক প্ৰেছ বিবৃতিৰ জড়িয়তে জনোৱা মতে, চুমিলা ৰংহাংপী হত্যাৰ অনুসন্ধান কৰিবলৈ অহা মলয় বৰাৰ দ্বাৰা গঠিত এজনীয়া তদন্ত আয়োগৰ ওচৰত ফ'ৰামৰ তৰফৰ পৰা আঠটা পৰামৰ্শ তথা দাবী উত্থাপন কৰে । বিবৃতিত উল্লেখ কৰা অনুসৰি , চুমিলা ৰংহাংপী নামৰ নাবালিকা গৰাকী ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰত থকাতো নাবালিকাক গৰাকীৰ পিতৃ-মাতৃৰ ভাষ্য মতে সঁচা কথা। তদুপৰি চুমিলাক জ্বলায় দিয়া ঘটনাই নাবালিকা গৰাকীক শাৰীৰিক (যৌন) আৰু মানসিক নিৰ্যাতন চলোৱাতো সত্য আছিল৷ যিটো তথ্য নোহোৱা কৰিবৰ কাৰণে এই ঘটনা সংঘটিত কৰিছিল। আনকি চুমিলাক মাকৰ লগত লগ কৰিবলৈ নিদিয়া, পিতৃ গৃহলৈ যাব নিদিয়া আৰু চুমিলাৰ দেউতাক প্ৰকাশ বৰঠাকুৰৰ ঘৰলৈ আহিলে চুমিলাৰ লগত অকলসৰে কথা পাতিবলৈ নিদিয়া আদি কথাবোৰেই চুমিলাৰ ওপৰত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাটো যে সত্য তাকেই প্ৰমাণ কৰে বুলি সংগঠনটোৱে দাবী কৰে ৷ ফ'ৰামে চুমিলাৰ বিচাৰ ফাৰ্ষ্টট্ৰেক আদালতত কৰা আৰু ছয় মাহৰ ভিতৰত দোষীক চৰম শাস্তি প্ৰদান কৰা দাবী উত্থাপন কৰাৰ  বিপৰীতে চুমিলাৰ পৰিয়ালক বিশ লাখ টকা ক্ষতিপূৰণ দিয়া আৰু ঘটনাৰ দিনা পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত গ্ৰেপ্তাৰ কৰা সঞ্জীৱ কুমাৰ নাথ, লতাবালা কোঁৱৰ , প্ৰফুল্ল ডেকা, ৰমেন ডেকা আৰু বাবামনি গাঁওখোৱাক অতি শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ বাবেও দাবী উত্থাপন কৰে। আয়োগক লগ কৰা সজাতি দলটোত মহিলা নেত্ৰী আয়েফা বেগম, উমা পাটৰ, বীনা ৰংপিপী, মালনি তিমুংপী, নগাঁও ডিষ্ট্ৰিক কাৰ্বি অৰ্গেনাইজেশ্যনৰ ধনীৰাম হাঞ্ছে, নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাৰ গৌতম তিমুং, অসম মহিলা সংঘৰ দেৱযানী বৰুৱা, কপিলী কলং কাৰ্বি লামেত আমেইতৰ বুদ্ধেশ্বৰ তিমুং আৰু গ্ৰামীণ শ্ৰমিক সন্থা স্বপন হাজৰিকাই অংশগ্ৰহণ কৰে। ইফালে, ফ’ৰামৰ উদ্যোগত অহা ২২ মে'ত চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰ আৰু দোষীক চৰম শাস্তি প্ৰদান কৰাৰ দাবীত ৰাজ্যজোৰা প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে ঘোষণা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা