কমলপুৰত সান্ধ্য আইনৰ নামত প্ৰহসন । বনিক গোষ্ঠীয়ে শ শ শ্ৰমিকৰে চলাইছে পাইপ উদ্যোগ নিৰ্মাণৰ কাম

 নীলমণি দাস ,ফাষ্ট নিউজ ৰিপ'ৰ্ট : কামৰূপ জিলাৰ কমলপুৰত সান্ধ্য আইনৰ নামত প্ৰহসন। কমলপুৰৰ আল্টাত সান্ধ্য আইনৰ সময়তো  শ শ শ্ৰমিকেৰে চলিছে উদ্যোগৰ নিৰ্মাণৰ কাম ।  কৰোণা মহামাৰীৰ বাবে  চৰকাৰে জাৰি কৰা  নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি সান্ধ্য আইনৰ সময়তো  শ শ শ্ৰমিকেৰে পাইপ উদ্যোগ নিৰ্মাণৰ কাম কাম চলাই থকাক লৈ বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।  কৰোণা মহামাৰীৰ সময়তো সান্ধ্য আইনক লৈ কৰা লৰা ধেমালিক লৈ  ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ । নিৰ্মীয়মান পাইপ আৰু ক্ৰাফট উদ্যোগটোৱে সান্ধ্য আইনৰ সময়ছোৱাতো প্ৰায় তিনি শতাধিক শ্ৰমিকেৰে ওৰে নিশা উদ্যোগৰ নিৰ্মাণ  আৰু ডাম্পাৰৰে ভুমি পোতা কাৰ্য নিৰ্বিঘ্নে চলাই গৈছে । উল্লেখযোগ্য যে  মাস্ক অবিহনে মুকলি ঠাইত শ শ শ্ৰমিকৰে কাম কৰাইছে বণিক গোষ্ঠীয়ে ।
এই সন্দৰ্ভত স্থানীয় লোকসকলে কামৰূপ জিলা প্ৰশাসনক অভিযোগ কৰিছে যদিও এইক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ  তুলিছে ৰাইজে ।

 নীলমণি দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা