জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ পুঠিমাৰী নদীৰ মথাউৰি পৰিদৰ্শন

পঙ্কজ নাথ, চাংসাৰি, ১৬ মে :

আজি জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পুঠিমাৰীৰ নদীৰ নৱ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে । যোৱা ২০১৯ - ২০ চনত পুঠিমাৰী নদীৰ মথাউৰি ছয় ঠাইত চিঙাৰ ফলত অঞ্চলজুৰি আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল।সেয়েহে বাৰিষাৰ পূৰ্বে মন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথমটো ক্ষেত্ৰ পৰিদৰ্শন কৰে।মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও কিছু কাম এতিয়াও বাকী আছে  যিহেতু এতিয়া  বাৰিষা সমাগত সেয়েহে মাটি কটাত কিছু অসুবিধাৰ সৃষ্টি হৈছে।অহা বছৰৰ পৰা যিসকলে মথাউৰিৰ ঠিকা কৰিব তেওঁলোকে চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।।ঠিকাদাৰ আমাৰ বন্ধুও নহয় শত্ৰুও নহয় ,তেওলোকক সময় দিয়া হব ।  কিন্তু যিসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব নোৱাৰিব সেইসকলক জলসম্পদ বিভাগৰ পৰা অনুজ্ঞাপত্ৰ বাতিল কৰা হব বুলিও কয়।মথাউৰি পৰিভ্ৰমণ কৰাৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে হাজোৰ দুটা ভগ্ন মথাউৰিও পৰিদৰ্শন কৰে আৰু এই পৰিদৰ্শন কালত সংগ দিয়ে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই। 

 পঙ্কজ নাথৰ ৰিপৰ্ট 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা