বঙাইগাঁও জিলাত এদিনতে ৮৬ জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ

ক'ভিডত মহিলাৰ মৃত্যু

বঙাইগাঁও জিলাত এদিনতে ৮৬  জন ব্যক্তিৰ দেহত ধৰা পৰিল ক'ভিড - ১৯ প'জিটিভ  

মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৫৬২ জনলৈ বৃদ্ধি 

বঙাইগাঁওঃ ৪ মেঃ বঙাইগাঁও জিলাৰ ঝাউবাৰীৰ ৰম্ভা ৰায় ( ৫০ ) নামৰ মহিলা এগৰাকীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক'ভিডৰ লগতে আন জটিলতাত ভুগি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে ৰম্ভা ৰায়ক শ্বাস - প্ৰশ্বাসজনিত  সমস্যাত ভোগাত পৰিয়ালৰ লোকে প্ৰথমে চিৰাং জিলাৰ চাপাগুৰীস্থিত চেণ্ট আগষ্টাইন হাস্পতালত ভৰ্তি কৰিছিল ৷ মহিলাগৰাকী মধুমেহ ৰোগতো ভুগি আছিল ৷ পিছত উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক বঙাইগাঁৱৰ ল'ৱাৰ আসাম হাস্পতালত ভৰ্তি কৰা হয় ৷ কিন্তু এদিন পিছতে পুনৰ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা মহিলাগৰাকীৰ ক'ভিডত আক্ৰান্ত হোৱাতো পৰীক্ষাত ধৰা পৰিছিল ৷ পিছত মঙলবাৰে পুৱা ৬ঃ ২০ বজাত চিকিৎসাধীন অৱস্থাতে ৰম্ভা ৰায়ৰ মৃত্যু হয় ৷ 

ইপিনে বঙাইগাঁও জিলাত ক'ৰোনাত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা মঙলবাৰে ৫৬২ জনলৈ বৃদ্ধি পাইছে  ৷ জিলাখনত মঙলবাৰৰ দিনটোত নতুনকৈ ৮৬ জন ব্যক্তি ক'ভিডত আক্ৰন্ত হোৱাটো ধৰা পৰিছে  ৷ ইয়াকে ধৰি জিলাখনত বৰ্তমান মুঠ সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা ৫৬২ জনলৈ বৃদ্ধি পালে ৷ সোমবাৰে জিলাখনৰ ৬৪ জনকৈ ব্যক্তি ক'ভিডত  আক্ৰান্ত হোৱাটো ধৰা পৰিছিল ৷ আনহাতে মঙলবাৰৰ দিনটোত জিলাখনৰ ৩৯ জনকৈ ৰোগী সুস্থ হৈ উঠিছে ৷ জিলাখনত মঙলবাৰে ৰেপিড এণ্টিজেণ্ট টেষ্ট আৰু আৰ টি পি চি আৰ টেষ্টকে ধৰি মুঠ ২,২৩৭ জনক ক'ভিড টেষ্ট  কৰা হয় ৷ ইপিনে জিলাখনত যোৱা ১ মাৰ্চৰ পৰা মঙলবাৰলৈ মুঠ ক'ভিডত আক্ৰান্তৰ সংখ্যা ৮৭৫ জন হৈছে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা