মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বজাৰৰ মাজমজিয়া দি যোৱা নগাঁও-ভুৰাগাও গঢ়কাপ্তানী পথৰ দুৰৱস্থা

পুখুৰী নে পথ ধৰিবই নোৱাৰা এক দৃশ্য ৷বিগত প্ৰায়
দহটা বছৰ ধৰি মৈৰাবাৰী বাসীয়ে যমৰ যাতনা ভোগ কৰি এই  ৰাস্তা টো পুনৰ মেৰামতিৰ কাৰনে অসম চৰকাৰে এই বছৰৰ যোৱা ফ্ৰেব্ৰুৱাৰী মাহতে ১কোটি৭১লাখ টকা ৷
অনুমোদন দিছিল নিজ ধিংৰ পৰা দলৈগাও লৈকে ৬কিলোমিটাৰ লৈকে মেৰামতিৰ বাবে অনুমোদিত এই কামটোৰ ঠিকা লাভ কৰিছিল ৰিচব জৈন বুলি এজন ঠিকাদাৰে কিন্তু ঠিকাদাৰ জনে আজি লৈকে কামটো আৰম্ভ কৰা নাই। এক বিশেষ সূত্ৰে জনা মতে স্হানীয় বিধায়কৰ কমিছনৰ ধন আদায় দিব নোৱাৰাৰ ফলত এনে বিসংগতিৰ সূষ্টি হৈছে। সেয়ে এই ৰাস্তা টোৰ সন্দৰ্ভত এক তদন্তৰ দাবী জনাই মুখ্য মন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্হানীয় ৰাইজে। কিয়নো নিবিদাৰ পাছত ৪৫দিনৰ ভিতৰত কাম আৰম্ভ নকৰিলে বিভাগে ঠিকাদাৰ জনক নাকচ কৰি বেলেগ এজন ঠিকাদাৰক কামটো দিব পাৰে যদিও আজি প্ৰায় ৪মাহ উকলি যোৱাৰ পাছতো ৰহস্যজনক ভাৱে ঠিকাদাৰ বদলি কৰা হোৱা নাই ।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা