নামনি অসমত সক্ৰিয় গাড়ী চুৰি চক্ৰঃবৰপেটা ৰোডৰ চুৰি বলেৰ’ জব্দ কৃষ্ণাইতঃধৃত দুই গাড়ী চোৰ

কৰ’না মহামাৰীৰ আতংকৰ গইনা লৈ নামনি অসমত পুণৰ সক্ৰিয় হৈ উঠিছে গাড়ী চুৰি চক্ৰ ৷ আজি পুৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইত দুখন গাড়ীসহ দুটা চোৰ কৰায়ত্ত হোৱাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য ৷ কৃষ্ণাই আৰক্ষীয়ে আজি জব্দ কৰা গাড়ী দুখনৰ নম্বৰ হৈছে এ এছ ১৫ এ চি ১২০৭ আৰু এ এছ ১৫ এ চি ০৫৯১ ৷ দুয়োখনেই বলেৰ’ পিক আপ গাড়ী ৷ আনহাতে ধৃত চোৰ দুটাৰ ঘৰ বৰপেটা জিলাৰ কয়াকুছিত ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে, চুৰি গাড়ী দুখন হৈছে বৰপেটা ৰোডৰ মায়া প্ৰডাক্টচৰ স্বত্ত্বাধিকাৰী গোপাল আগৰৱালাৰ মাল কঢ়িওৱা বাহন ৷ জানিব পৰা মতে,যোৱা মাজ নিশা সংঘটিত হোৱা চুৰি কাণ্ডৰ বিষয়ে আজি পুৱাহে অৱগত হয় গাড়ীৰ গৰাকীয়ে ৷ তাৰ পিছতে তেওঁ বৰপেটাৰোডৰ আৰক্ষীৰ কাষ চাপে আৰু গাড়ীত থকা জিপিএছৰ জৰিয়তে বৰপেটাৰোডৰ আৰক্ষীয়ে কৃষ্ণাই আৰক্ষীৰ সহযোগত আজি পুৱা কৃষ্ণাই বেইলী দলঙৰ ওপৰত গাড়ী দুখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা