কৰ’নাৰ বিভীষিকাৰ মাজতে নগাঁৱত ঈদ-উল-ফিতৰ প্ৰস্তুতি~~পূৰ্বৰ দৰে নাই ঈদৰ উৎসাহ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ মে’: পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি প্ৰতি বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰি আহিছে পৱিত্ৰ ঈদ-উল-ফিতৰ ৷ তদনুযায়ী ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলটো চলিছে এই উৎসৱৰ প্ৰস্তুতি ৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা ধৰ্মীয় আচাৰ-নীতিৰে পৱিত্ৰ ঈদ-উল-ফিতৰৰ দুই ৰাকাত ওয়াদেব নামাজ আদায় কৰিব ৷ স্মৰ্তব্য যে, বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ বিপৰীতে ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ কাল ৰোজা পালন কৰা হয় ৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত এতিয়া ঈদ-উল-ফিতৰ উদযাপন কৰিবলৈ সকলো ইছলাম ধৰ্মাৱলম্বী লোক সাজু হৈছে। কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো ব্যাপক উলহ-মালহেৰে ঈদ পালন কৰাৰ পৰা বঞ্চিত হ’ব ইছলাম ধৰ্মী লোকসকল ৷ কাৰণ মহামাৰী কৰ’নাৰ বিভীষিকা ৷ উল্লেখ্য, বিগত বৰ্ষত বিশ্বত দেখা দিয়া কৰ’না মহামহাৰীৰ ফলত ঈদৰ অপৰিসীম আনন্দ-উল্লাসত উচাহত বিলীন হব পৰা নাছিল ইছলাম ধৰ্মাৱলম্বী লোকসকল ।তদ্ৰুপ এইবাৰো কৰ’না মহামাৰীৰ দ্বিতীয়টো লহৰৰ তাণ্ডৱৰ বাবেই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাৰ মাজৰে পৱিত্ৰ ঈদ উদযাপন কৰিবলৈ সাজু হ’বলগীয়া হৈছে ।ইতিমধ্যে অসমত শুকুৰবাৰে পবিত্ৰ ঈদ পালন কৰা হ’ব বুলি কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা  কৰিছে যদিও পবিত্ৰ ঈদৰ যি উচাহ-উদ্দীপনা সেয়া কৰ’নাৰ বিভীষিকাৰ বাবেই এইবাৰো ম্লান পৰা দেখা গৈছে ইছলাম ধৰ্মী লোক সকলৰ মাজত । সেয়ে ৰাজ্যৰ আন ঠাইবোৰৰ দৰে নগাঁও জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে জাকজমকতা পৰিহাৰ কৰি পৰম্পৰা অনুসৰি ঈদ পালনৰ বাবে নিজকে সাজু কৰিছে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা