গোৱালপাৰাত কৰ’নাৰ দ্ৰুত সংক্ৰমণঃআজি পুণঃ ১৩০ ব্যক্তিৰ দেহত ধৰা পৰিল কৰ’না পজিটিভঃমৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি

ৰাজ্য খনৰ বিভিন্ন জিলাত কৰ’না মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তে গোৱালপাৰা জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা ৷ জিলাৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ দিনটোতে জিলাখনত ১৩০ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ  ৷ এই লৈ জিলাখনত কৰ’নাৰ দ্বিতীয়  লহৰত আক্ৰান্ত ৰোগীৰ সংখ্যা হ’লগৈ ৬৯২ ৷

ইতিমধ্যে জিলাখনত মুঠ ১৪ গৰাকী লোকে কৰ’না মহামাৰীত প্ৰাণ হেৰুৱাইছে ৷ ইফালে কৰ’নাৰ সংক্ৰমণৰ সংখ্যালৈ চাই জিলা প্ৰশাসনে আজিলৈ মুঠ চাৰিটা অঞ্চলক কণ্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ পিছে ইমান উদ্বেগজনক পৰিস্থিতিতো গোৱালপাৰা জিলাৰ একাংশ জনসাধাৰণৰ মাজত দৃষ্টিগোচৰ হোৱা নাই কোনোধৰণৰ সচেতনতা ৷ বজাৰ সমূহত বিৰ দি বাট নোপোৱা অৱস্থা। ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেয়া মুঠেও সন্তোষজনক নহয় বুলি সচেতন মহলে মত ব্যক্ত কৰিছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা