দুখীয়া পৰিয়ালৰ মাজত ইফতাৰ বাবে বিতৰণ বঙাইগাঁৱত আৰক্ষীৰ

বঙাইগাঁৱত আৰক্ষীৰ প্ৰশংসনীয় কাৰ্য  

দুখীয়া পৰিয়ালৰ মাজত ইফতাৰ বাবে বিতৰণ কৰিলে ফল- মূল আদি খাদ্য সামগ্ৰী

বঙাইগাঁওঃ ৮ মেঃ বঙাইগাঁৱৰ বৰপথাৰ এলেকাৰ দুখীয়া পৰিয়ালৰ মাজত আজি নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ইফকাৰৰ বাবে ফল- মূল আদি বিতৰণ কৰে ৷ নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত অঞ্চলটোৰ মুঠ ২৫ টা দুখীয়া পৰিয়ালৰ মাজত ক'ভিড বিধি মানি আপেল ,কল খেজুৰ ,আঙুৰ ,তৰমুজৰ লগতে গাখীৰ ,মুড়ী, চাবন ,মাস্ক আদি বিতৰণ কৰে ৷ উল্লেখ্য যে আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকক বৰ্তমান ক'ৰোনাৰ ভয়াৱহতা সন্দৰ্ভত সজাগ কৰি ক'ভিড বিধি মানি চলাৰ বাবেও পৰামৰ্শ দিয়ে ৷ ৰমজান মাহ চলি থকাৰ সময়ত আৰক্ষী বিষয়াগৰাকীয়ে এইদৰে দুখীয়া পৰিয়ালকেইটাৰ মাজত ইফতাৰৰ বাবে ফল- মূল আদি বিতৰণ কৰাত সকলোৱে প্ৰশংসা কৰাৰ লগতে শলাগ লৈছে ৷ 

প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা