মাখিবাহা কভিড হস্পিতালক ৰোগীৰ প্ৰশংসা

যি সময়ত একাংশ কোভিড হস্পিতালৰ বিৰুদ্ধে  চিকিৎসকে  ৰোগীক অৱহেলা কৰা,  সঠিক ভাবে চিকিৎসা নকৰা, ৰোগীৰ কোঠা সমূহ চাফ-চিকুন নকৰা, ৰোগীক সময়মতে খাদ্যৰ যোগান নধৰা আদি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে সেই সময়তে ইয়াৰ এখন সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে নলবাৰী জিলাৰ  মাখিবাহা স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত  । মাখিবাহা  মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে নিয়োজিত চিকিৎসক চিকিৎসালয় খনৰ  উপ অধীক্ষক ডা.উদয় শঙ্কৰ  মেধিৰ তত্বাৱধানত ডা.দ্বীপজ্যোতি পাঠক, ডা.দেবজিত ডেকা , ডা.তাপস কলিতা আৰু কেইবাগৰাকী নাৰ্চৰ লগতে  চিকিৎসা কৰ্মী  সকলে দিনে-নিশাই কভিড ৰোগীক সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতিটো মুহুৰ্তত স্বাস্থ্য পৰীক্ষা কৰি উন্নত মানৰ চিকিৎসা প্ৰদান কৰা বুলি ৰোগীৰ পৰা জানিব পৰা গৈছে  । আনহাতে চাফাই কৰ্মী সকলে প্ৰতি মুহুৰ্ততে ৰোগীৰ কোঠা সমূহ চাফ চিকুন কৰাৰ উপৰিও ৰোগীৰ বিচনা-পত্ৰ সমুহ চাফ-চিকুনকৈ ৰখা বুলি জানিব পৰা গৈছে  । কভিড ৰোগী সমূহক সময়মতে উন্নত মানৰ খাদ্যৰ যোগান ধৰাৰ লগতে ৰোগী সকলক কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন চিকিৎসালয় কতৃপক্ষই  হব নিদিয়া বুলি চিকিৎসাধীন কভিড ৰোগীয়ে জনাইছে । উক্ত চিকিৎসালয়ত চিকিৎসাধীন কৰোণা ৰোগী সকলে মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কভিড ৰোগীৰ বাবে আগবঢ়োৱা সকলো ব্যবস্থাক ভূয়সী প্ৰশংসা কৰে । 

টিহুৰ পৰা  কৰবী গোস্বামী

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা