ৰহাত কংগ্ৰেছৰ নতুন বিধায়কৰ গুণ্ডাগিৰি≈মাফিয়া কাইদাত মাৰপিট

নগাঁও জিলাৰ ৰহাত শনিবাৰে সংঘটিত হ'ল এক ভয়ংকৰ মাৰপিট ঘটনা। এই মাৰপিট ঘটনাত নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ প্ৰাক্তন সভাপতি দীপ দাস গুৰুতৰ ভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা হয়। অভিযোগ অনুসৰি প্ৰাক্তন কংগ্ৰেছ নেতা দীপ দাসে শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা দলীয় টিকট বিচাৰিছিল যদিও টিকটৰ পৰা বঞ্চিত হৈছিল। ফলত খং আৰু ক্ষোভত কংগ্ৰেছৰ পৰা দল ত্যাগ কৰি শেহতীয়াকৈ নিজৰ ফেচবুক একাউন্টৰ দ্বাৰা এটা পষ্ট প্ৰেৰণ কৰিছিল। দীপ দাসৰ অভিযোগ অনুসৰি পষ্টক লৈ বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়ক তথা একালৰ দলীয় সতীৰ্থ শশীকান্ত দাসে নিশা আহি ৰহা খাইগড়ৰ বাসভৱনত উপস্থিত হৈ বাৰ্তালাপ কৰি থকাৰ সময়তে পিছফালৰ পৰা কোনো লোকে দীপ দাসৰ মূৰত আঘাট কৰে। তাৰ পাছতেই বিধায়ক জনৰ লগত অহা একাংশ যুৱকে দীপ দাসৰ ওপৰত কাঠ,বাহ, আদিৰে আক্ৰমণ কৰি গুৰুতৰ ভাৱে জখম কৰি আতঁৰি যায় বুলি অভিযোগ উত্থাপন কৰে। পাছত নিশাই দীপ দাসক নগাঁৱলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটীলৈ প্ৰেৰণ কৰে। এই ঘটনাৰ সন্দৰ্ভত দীপ দাসৰ মাতৃ ডিম্বেশ্বৰী দাসে দেওবাৰে ৰহা আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰত ৰহা আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান কৰি চাৰিজন যুৱকক সোধপোছৰ বাবে আটক কৰে। আনহাতে এই মাৰপিট ঘটনাটো বৰ্তমানৰ বিধায়ক গৰাকী জড়িত বুলি অভিযোগ কৰা পাছতেই এই ঘটনা এক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলিহে মন্তব্য কৰে। বিধায়ক গৰাকীয়ে এই ঘটনাত মিছাতে নাম সাঙুৰি অনাৰ লগতে যদিহে এই ঘটনাত যদিহে দলীয় কৰ্মী জড়িত আছে তেন্তে সেই সকলকো বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। উল্লেখ্যযে, যোৱা ২ মে'ৰ নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা শশীকান্ত দাসে বিধায়ক ৰূপে শপত নলওঁতে এনেদৰে বিতৰ্কত নাম সাঙোৰ খাই পৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ 
নগাঁৱৰ পৰা জয়ন্ত মুদৈ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা