ৰঙিয়াৰ বোৱাৰীৰ দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতেই লোমহৰ্ষক হত্যাকাণ্ডঃ আটক ৩

প্ৰতিবেদক, ৰঙিয়া ১২ অক্টোবৰঃ দুৰ্গা পূজাৰ ধামখুমীয়াৰ মাজতেই ৰঙিয়া উদিয়ানাৰ এগৰাকী বোৱাৰীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাই সভ্য সমাজৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে। এই ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে তিনিজন পাষণ্ডক আটক কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ নলবাৰী জিলাৰ পাগালদিয়া নৈৰ দাঁতিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত সংগৃহীত তথ্য অনুসৰি, ৰঙিয়া জয়ন্তীপুৰ ভকত তোলা(উদিয়ানা) নিবাসী অংকুমনি বৰুৱাই (৩৪) যোৱা ২৯ ছেপ্টেম্বৰৰ দিনৰ ভাগত অকলে কামৰূপ জিলাৰ বিহদিয়াৰ মাতৃ গৃহত গৈছিল। সেই দিনাই তেওঁ  বাইহাটা চাৰিআলিৰ পৰা বাছৰে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰে৷ কিন্তু নিৰ্দিষ্ট সময় অতিবাহিত হোৱাৰ পিছতো তেওঁ ঘৰলৈ ঘুৰি নহাত পৰিয়ালত হুৱাদুৱাৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই তেওঁ সন্ধানহীন হৈ থকাত তেওঁ স্বামী প্ৰখ্যাত বাদ্যযন্ত্রী কৈলাশ কলিতা সহ পৰিয়ালৰ সকলোৱে সম্ভাব্য সকলো স্থানত বিচাৰ খোচাৰ কৰিও কোনো ধৰনৰ শুংসূত্ৰ উলিয়াব নোৱাৰিলে। ইপিনে মহিলা গৰাকীয়ে সময়ত স্বামী গৃহত উপস্থিত নোহোৱাত স্বামী গৃহৰ লগতে মাতৃ গৃহতো এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত উপায় নাপাই  মহিলা গৰাকীৰ স্বামী কৈলাশ কলিতাই ৰঙিয়া, বাইহাটা আৰু ঘগ্ৰাপাৰ থানাত নিৰুদ্দেশ সন্দৰ্ভত পৃথকে এজাহাৰ দাখিল কৰে৷ সেই এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে তীব্ৰ অনুসন্ধান আৰম্ভ কৰে৷ আৰক্ষীয়ে  বিষয়টো সন্ধৰ্ভত  নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীক অবগত কৰে।ঘগ্ৰাপাৰ  আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত চলোৱাৰ সময়ত মোবাইলৰ কল লিষ্টৰ সূত্রধৰি সন্দেহ বশতঃ ৰঙিয়া ধাবা এখনত কৰ্মৰত ঘগ্ৰাপাৰ মাজৰবড়িৰ জগদীশ দাস নামৰ যুৱক এজনক আটক কৰে । জগদীশৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ঘগ্ৰাপাৰ কহৰতোলাৰ চন্দন দাস আৰু ঘগ্ৰাপাৰ কেহেৰুৱাৰ সঞ্জীৱ কলিতাক আটক কৰে ।আৰক্ষীয়ে তেওঁলোকক জেৰা কৰাত কেতবোৰ চাঞ্চল্যকৰ তথা নক্কাৰজনক ঘটনা পোহৰলৈ আহে৷ তেওঁলোকৰ স্বীকাৰোক্তি অনুসৰি পাষণ্ড তিনিওজনে অইন দহ জনৰ লগত লগ লাগি নলবাৰীৰ এখন মহাবিদ্যালয়ৰ চৌহদত মহিলা গৰাকীক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰে। পিছত ঘগ্ৰাপাৰৰ কেহেৰুৱা গাৱৰ সমীপৰ পাগালদিয়া নৈৰ পাৰত পুতি থৈছিল । 
আজি আৰক্ষীয়ে নদীৰ পাৰত পুতি থোৱা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷  ৰঙিয়া মহকুমাৰ কমলপুৰ স্বাস্থ্য বিভাগৰ লেবৰেটৰী বিভাগত কৰ্মৰত অংকুমনি বৰুৱাৰ লগত পূৰ্বৰে পৰা জগদীশ দাসৰ সম্পর্ক আছিল বুলি জনা গৈছে। নামনি অসমৰ সকলোৰে পৰিচিত ৰঙিয়া জয়ন্তী পুৰৰ বাদ্যযন্ত্ৰী কৈলাশ কলিতাৰ পত্নী অংকুমনি বৰুৱাই এগৰাকী ১৩ বছৰীয়া কন্যা সন্তান এৰি থৈ লম্পটৰ দল এটাৰ হাতত নৃশংস ভাৱে হত্যা হোৱা ঘটনাটো সমগ্ৰ ৰঙিয়াতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়াত পৰিয়ালে বাতৰি লিখা পৰলৈ এক শোকাকুল পৰিস্থিতিত জয়ন্তীপুৰ শ্মশানত অন্তেষ্টিক্ৰিয়া কৰিব লৈছে। আনহাতে বাকী দহ জন পাষণ্ডৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ৰাইজে হত্যাকাৰী ১৩ জনক দৃষ্টান্তমূলক শাস্তিৰ দাৱী জনাইছে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা