পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাক ক্ষণত নলবাৰী থলুৱা আতচবাজীয়ে দখল কৰিছে বজাৰ
পোহৰৰ উৎসৱ দিপাৱলী সমাগত৷
*আৰু ইয়াৰ সমান্তৰালভাৱে মৃৎ শিল্পী সকলৰ লগতে ব্যস্ত হৈ পৰিছে আতচবাজী নিৰ্মাণ কৰা কৰ্মী সকলো*
*নলবাৰী জিলাৰ বাহঁজানী আৰু নিজ পকোৱাত একাংশ শিক্ষিত নিবনুৱাই পোহৰৰ উৎসৱ দিপাৱলীৰ প্ৰাক ক্ষনত নিৰ্মাণ কৰি উলিয়াইছে হাজাৰ হাজাৰ থলুৱা আতচবাজী*
*আৰু নলবাৰীত নিৰ্মাণ কৰা এই থলুৱা আতচবাজীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিছে*
*অবশ্যে ক’ভিড মহামাৰীৰ হেতুকে যোৱা বছৰ আতচবাজী বিক্ৰী সিমিত আছিল যদিও এইবাৰ বিক্ৰী কিছু নথকা নহয় বুলি কয় নিজ পকোৱাৰ আতচবাজী ক্ষুদ্ৰ উদ্যোগটোৰ স্বত্বাধিকাৰী হৰিহৰ বৈশ্যই*
*অবশ্যে হৰিহৰৰ এই ফিফটি ফিফটি থলুৱা আতচবাজী ক্ষুদ্ৰ উদ্যোগটোৱে স্হানীয় যুৱক সকলৰ কিছু সংস্হাপনৰ বাট মোকলোৱা বুলি কয়৷কিন্ত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহায় পালে গতি লাভ কৰিব বুলি কয় থলুৱা উদ্যোগটোৱে*
*হৰিহৰৰ এই আতচবাজীৰ ক্ষুদ্ৰ উদ্যোগত পোৱা যায় বিভিন্ন প্ৰকাৰৰ ফটকাফুলজাৰি আদি*
নলবাৰী পৰা শংকৰ দাস ।
Comments
Post a Comment