অন্ধকাৰত ডুব যাব বিশ্ব ! লেবানন অন্ধকাৰত, ইউৰোপত প্ৰাকৃতিক গেছ সংকট

দীপজ্যোতি ডেকা : কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বত এতিয়া বিজুলী সংকটৰ আশংকা দেখা গৈছে। পৰ্যাপ্ত কয়লা যোগানৰ অভাৱত দেশৰ কেবাটাও পাৱাৰ প্লেন্ট অসক্ৰিয় হোৱাৰ পথত আগবাঢ়িছে। একেই অৱস্থা চীনৰো। শেহতীয়াকৈ চীনৰ বহু অঞ্চলত লোডশ্বেডিঙৰ সমস্যা গুৰুতৰ হৈছে। লেবানন বিজুলীৰ অভাৱত অন্ধকাৰ হৈ পৰিছে। আনপিনে ইউৰোপত প্ৰাকৃতিক গেছৰ ব্যাপক সমস্যা দেখা গৈছে। ভাৰতৰ খোদ চৰকাৰী ভাষ্যমতে দেশত মাঁথো কিছুদিনৰ বাবেহে থাৰ্মেল প্ৰজেক্ট চলাবলৈ কয়লা মজুত আছে। উত্তৰ প্ৰদেশৰ কেবাটাও প্ৰকল্প ইতিমধ্যে বন্ধ হৈ পৰিছে। আমেৰিকাত প্ৰতিলিটাৰ গেছোলিনৰ মূল্য ৩.২৫ ডলাৰ হৈছেগৈ।
মুঠৰ ওপৰত সমগ্ৰ বিশ্বত এতিয়া বিদ্যুত, ইন্ধনৰ ব্যাপক নাটনি দেখা গৈছে।
     বিশেষজ্ঞসকলৰ মতে ইয়াৰ প্ৰধান কাৰণ হৈছে বিগত দীৰ্ঘকালীন কৰোণাজনিত পৰিস্থিতিৰ বাবে বিশ্বজোৰা অৰ্থনৈতিক গতিশীলতাৰ বাবেই এনে হৈছে । যিহেতু এই দীৰ্ঘ সময় ধৰি বহু দেশৰ জৈৱিক ইন্ধন আহৰণৰ কাম কাজ সমুহ বাধাগ্ৰস্থ হৈ আছিল। আনপিনে প্ৰচণ্ড শীতৰ বাবে ইউৰোপত শক্তিৰ ভড়াল একপ্ৰকাৰ খালী হৈ পৰিছে। এনেবোৰ কাৰণতে এতিয়া শক্তিৰ অভাৱত ভূগিছে সমগ্ৰ বিশ্ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা