দালালৰাজ শেষ হ'বই লাগিব, দেশৰ আন ৰাজ্যৰ তুলনাত অসমত পেট্ৰল-ডিজেলৰ দাম কম : নলবাৰীত মুখ্যমন্ত্ৰী

*মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে নলবাৰীত উপস্থিত হিমন্ত বিশ্ব শৰ্মা*
     *নলবাৰী গৰ্ডন খেল পথাৰত*

  প্ৰধানমন্ত্ৰী  গৰীৱ কল্যাণ যোজনাৰ অন্ন মহোৎসৱত অংশ গ্ৰহণ মুখ্য মন্ত্ৰীৰ 
  দালালৰাজ শেষ হ'ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
 ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰ কাম আৰম্ভ হৈছে ।
 নলবাৰীত নতুন উপায়ুক্ত কাৰ্যালয় আৰু নতুন আৱৰ্ত ভৱনৰ কাম অহা জানুৱাৰী মাহত আৰম্ভ হ'ব  বুলি ভাষণত কোৱাৰ লগতে 
 নলবাৰীৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়ত অহা শিক্ষাবৰ্ষৰ পৰা বিজ্ঞান শাখা আৰম্ভ হ'ব  বুলি  ভাষণত উল্লেখ কৰে আনহাতে 
 নলবাৰী  পাগলদিয়া নদীৰ ৫০ কি:মি: মথাউৰি নিৰ্মাণৰ লগতে পকীকৰণ হ'ব  বুলি  হিমন্ত বিশ্ব শৰ্মা  ভাষণত কয় আনহাতে আকৌ 
  সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় দেশৰ অইন ৰাজ্যৰ তুলনাত অসমত এতিয়াও পেট্ৰ'ল-ডিজেলৰ দাম কম । 
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত আজি নলবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অন্ন মহোৎসৱৰ শুভাৰম্ভণি কৰে । ক'ৰোণা মহামাৰীৰ সময়ত প্ৰতিগৰাকী দৰিদ্ৰলোকক অন্ন সুৰক্ষাৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল । প্ৰতিগৰাকী দৰিদ্ৰ শ্ৰেণীৰ লোকৰ অন্ন সুৰক্ষা তথা প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীক নিশ্চিত অন্ন যোগান ধৰাৰ বাবে এই অভিলাষী আঁচনি গ্ৰহণ কৰি আজি নলবাৰীত এই অন্ন মহোৎসৱৰ আয়োজন কৰে । আজি উক্ত কাৰ্যসূচীত অন্ন সুৰক্ষা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত এখনকৈ মোনা প্ৰদান  কৰা হয় । আজিৰ অন্ন মহোৎসৱ কাৰ্যসূচীত উপস্থিত থাকে পৰিবহন আৰু উদ্যোগ-বানিজ্য মন্ত্ৰী তথা ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান  মন্ত্ৰী ৰঞ্জিৎ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগ, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ।


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা