গােসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰমিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত আয়ােজিত কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

গােসাইগাঁও, ভৱানীপুৰ আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ
মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সমৰ্থনত আয়ােজিত কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ
গুৱাহাটী, ২৭ অক্টোবৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গােসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্ৰজোঁট ইউপিপিএল দলৰ প্রার্থী জিৰণ বসুমতাৰী, ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-
নির্বাচনৰ বিজেপি দলৰ প্রার্থী ফণীধৰ তালুকদাৰ আৰু তামুলপুৰ বিধান সভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্রজোট ইউপিপিএল দলৰ প্রার্থী জলেন দৈমাৰীৰ সমৰ্থনত শ্যামাগুৰি খেলপথাৰ, সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয় খেলপথাৰ আৰু তামুলপুৰৰ কটহবাৰী খেলপথাৰত আয়ােজিত ৩ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি সমষ্টি তিনিটাৰ বিজেপি, অগপ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ
প্রার্থীসকলক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী ভােটাৰ ৰাইজক আহ্বান জনায়।
নির্বাচনী সভা কেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গােসাইগাঁও হ’ল অসমৰ
দুৱাৰমুখ। এই বৃহত্তৰ অঞ্চলটোৰ উন্নয়নে অসমৰ সামগ্রিক প্রতিচ্ছবি এখন তুলি ধৰে। পূর্বৰ বিটিআৰ চৰকাৰে গােসাইগাঁৱৰ বিকাশৰ বাবে প্রয়াস নচলােৱাৰ ফলত অঞ্চলটো পিছপৰি থাকিবলগীয়া হৈছিল
বুলি উল্লেখ কৰি বৰ্তমানৰ বিটিআৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন জনগােষ্ঠীৰে পৰিপূৰ্ণ এই অঞ্চলটোৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে আৰু আগন্তুক ৫ বছৰত অঞ্চলটোৰ উন্নয়নে এক নতুন মাত্রা লাভ কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লােৱাৰে পৰা বিভিন্ন জাতি-জনগােষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ অসমৰ বিকাশৰ ধাৰা ত্বৰান্বিত কৰাৰ বাবে নিষ্ঠাৰে প্রয়াস চলাইছে। আগন্তুক ৫ টা বছৰত
চৰকাৰখনে শান্তি, সমৃদ্ধি, বিকাশ আৰু উন্নয়নৰ এখন নতুন অসম গঢ়াৰ দিশত ৰাজ্যখনৰ সকলাে জাতি-জনগােষ্ঠীক লগত লৈ কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে সভা
অনুষ্ঠিত হােৱা স্থানসমূহৰ স্থানীয় ৰাইজে জনােৱা উন্নয়নৰ বিভিন্ন দাবীসমূহ যথােচিত গুৰুত্ব প্রদানেৰে পদক্ষেপ গ্রহণ কৰিব বুলিও কয়। বিটিআৰ অঞ্চলত এতিয়া শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰি এই শান্তিপূর্ণ পৰিৱেশে বিটিআৰক সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিকভাৱে আগুৱাই নিয়াৰ দিশত
বিশেষভাৱে সহায় কৰিব বুলিও তেওঁ কয়।
আজিৰ এই নির্বাচনী সভা কেইখনত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, মন্ত্রীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্রহ্ম, অশােক সিংহল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা, বিধায়কসকলক ক্রমে পৃথ্বীৰাজ ৰাভা, লঞ্চে ইছলাৰী, অজয় কুমাৰ ৰয়, পৰমানন্দ ৰাজবংশী, ৰামকৃষ্ণ ঘােষ, হেমাংগ ঠাকুৰীয়া, দিগন্ত কলিতা, জিতু গােস্বামী,
প্রাক্তন বিধায়ক মনােৰঞ্জন দাস, ইমানুৱেল মুছাহাৰী, তিনিওটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ হােৱা প্রার্থীসকলৰ লগতে মিত্ৰজোঁটৰ দল কেইটাৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা