নাহৰকটীয়াত অৰণ্য মানৱ যাদৱ পায়েং

*নাহৰকটীয়াত অৰণ্য মানৱ যাদৱ পায়েং।*

     বিশ্ব পৰ্যট্যন দিৱসৰ দিনা নাহৰকটীয়াত উপস্থিত হয় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং।
         নাহৰকটীয়াৰ জয়পুৰ কেন্দুগুৰি গাঁওৰ প্ৰায় তিনি শতাধিক আয়ুসকাল অতিক্ৰম কৰা ইতিহাস প্ৰসিদ্ধ কেন্দু গছজোপা দৰ্শন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে।
             উল্লেখযোগ্য যে বিশ্ব পৰ্যটন দিৱস উপলক্ষে "বলিমৰা থান,সীতা কুণ্ড পৰ্যটন প্ৰকল্প"ৰ উদ্যোগত কেন্দুগুৰি গাঁওৰ "কেন্দু"গছৰ তলত আয়োজন কৰা সভাত অৰণ্য মানৱ যাদৱ পায়েঙে অংশগ্ৰহণ কৰি কেন্দু গছজোপাৰ ইতিহাস সম্বন্ধীয় ফলক উন্মোচন কৰে।
এই অনুষ্ঠানত কেন্দু গছজোপাৰ প্ৰকৃত বয়স নিৰ্ধাৰণৰ সিদ্ধান্ত লোৱা হয়। কেন্দু গছজোপাৰ ছবি ডাক টিকতত প্ৰকাশ কৰাৰ প্ৰচেষ্টা পদ্মশ্ৰী যাদৱ পায়েঙে সহযোগ কৰাৰ কথা ঘোষণা কৰে।
    বহু ইতিহাসৰ সাক্ষী কেন্দু গছজোপা গাঁওৰ ৰাইজে সযতনে সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁ কেন্দুগুৰিবাসী ৰাইজক ধন্যবাদ জনায়।
    ইফালে "বলিমৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্প"ই ইতিহাস প্ৰসিদ্ধ কেন্দু'গছক ভাৰতীয় ডাক টিকটত স্থান দিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰকল্পৰ সভাপতি তথা মানৱদৰদী সমাজসেৱক কৃষ্ণ হাজৰিকাই। উল্লেখ্য যে এই অনুষ্ঠানটোত কেন্দুগুৰি উপহুৱা গাঁৱৰ ৰাইজ আৰু গ্ৰাম্য সংগঠন বীৰাংগনা মহিলা গোটে সহযোগিতা আগবঢ়ায়।
নাহৰকটীয়াৰ পৰা গগণ হাজৰিকা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা