নাহৰকটীয়াৰ চাচনীত সংঘটিত হৈছে এক জঘন্য ঘটনা

নাহৰকটীয়াৰ চাচনীত সংঘটিত হৈছে এক জঘন্য ঘটনা।পূজা পাতলৰ নামত এটা পৰিয়ালে তিনিগৰাকীকৈ কিশোৰীসহ মহিলাক নৰ বলি দিবলৈ চেষ্টা চলাওতেই গাওঁবাসীয়ে হাতে লোটে আটক কৰি পৰিয়ালটোক চমজাই দিয়ে আৰক্ষীক

Gfx--মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা।

Gfx--নাহৰকটীয়াৰ চাচনীত সংঘটিত হৈছে এই জঘন্য ঘটনাটো
Gfx--তিনিগৰাকীকৈ মহিলা নৰ বলি দিবলৈ চলিছে পূজা পাতল

Gfx--স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলা কেইগৰাকীক


Vo-নাহৰকটীয়াৰ চাচনীৰ ২নং টিংৰাই গাওঁৰ ঘটনা এইয়া। স্থানীয় ৰাইজৰ অভিযোগ গাওঁখনৰ দেৱজিৎ হাজৰিকা, মিণ্টু হাজৰিকা, দেৱকান্ত হাজৰিকা আৰু মাতৃ টুটুমণি হাজৰিকাই ঘৰৰ ওচৰৰে তিনিগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীক ঘৰতে অচেতন কৰি পুৱাৰে পৰা যুৱতী কেইগৰাকীক নৰবলি দিয়াৰ উদ্দেশ্যেৰে পূজা পাতল  চলাই আছিল। ইফালে যুৱতী আৰু কিশোৰী গৰাকী পুৱাৰে পৰা সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোকে বিচৰা খোচাৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।
Byte--স্থানীয়লোক
Byte--স্থানীয়লোক

Vo2--গাওঁবাসীয়ে জানিবলৈ দিয়া মতে মাতৃ পুত্ৰসহ এই পৰিয়ালটোৱে কিছুদিনৰ ধৰি ঘৰতে পূজা পাতল কৰি গাওঁখনত কলা যাদু কৰি গাওঁবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল,আৰু এই কলা যাদুৰ প্ৰভাৱ হেনো পৰিছে এইসকল মহিলাৰ ওপৰত। আনকি এইগৰাকী টুটুমণি হাজৰিকাই নিজ পুত্ৰৰ দেহত ঐশ্বৰিক শক্তি প্ৰৱেশ কৰাৰ কথা গাওঁবাসীৰ আগত প্ৰকাশ কৰি পুত্ৰই কৈ যোৱা মতে গাওঁবাসীয়ে কাম সমূহ কৰি যাবলৈ মাতৃয়ে গাওঁবাসীক নিদেৰ্শ দিয়ে আৰু যিটো কথা গাওঁবাসীয়ে সহজ ভাবে মানি লব পৰা নাছিল।মঙ্গলবাৰে নিজ ঘৰতে পূজা পাতল কৰি তিনিগৰাকী কৈ মহিলাসহ কিশোৰীক নৰ বলি দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে পৰিয়ালটোক গতাই দিয়ে আৰক্ষীক।ইফালে আৰক্ষীয়ে দেৱকান্ত হাজৰিকাৰ বাসগৃহত অভিযান চলাই প্ৰায় ১.৭কেজি গাঞ্জা জব্দ কৰে।ইফালে এই নৰবলি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অস্বীকাৰ কৰিছে যদিও অধিক তদন্তৰ পিছতহে সেয়া স্পষ্ট হব বুলি জানিবলৈ দিয়ে।ইতিমধ্যে নাহৰকটীয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ২৯০/৩৫৪/৩০৭/২৯৫ (A)RW Sec8 Pacso ধাৰাত ১৭১/২১ নম্বৰ আৰু  NDPS Actৰ ১৭২/২১ নম্বৰত দুটাকৈ গোচৰ ৰুজু কৰি ধৃত মাতৃ পুত্ৰক জেললৈ প্ৰেৰণ কৰে।

Byte--নব বৰা,উপ আৰক্ষী অধীক্ষক

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা