ৰঙিয়াত স্বচ্ছ ভাৰত, ক্লিন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ

ৰঙিয়াত স্বচ্ছ ভাৰত, ক্লিন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ 

প্ৰতিবেদক, ৰঙিয়া,১২ অক্টোবৰঃ 

নেহেৰু যুৱ কেন্দ্ৰ, মালিগাওঁৰ সৌজন্যত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থাৰ উদ্যোগত মৰমী,জানমনি আৰু বিউটী আত্মসহায়ক গোটৰ সহযোগত ৰঙিয়া মহকুমাত যোৱা ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ মাহযোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া কাৰ্যসূচী হাতত লোৱা হয় । কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তা প্ৰতি জনসাধাৰণক সচেতন কৰি তোলীৰ উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।মহামানৱ মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল, য'ত কেৱল স্বাধীনেই নহয়, লগতে হ''ব পৰিষ্কাৰ আৰু উন্নত। আৰু অঙ্গীকাৰ আছিল যে মই য'তে ত'তে  আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম। এনে পৰিপেক্ষিতত বেচৰকাৰী সংস্থা সমৃদ্ধি তথা নেহেৰু যুৱ কেন্দ্ৰৰ  অৰিহনা শলাগিবলগীয়া। আনহাতে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া ৰঙিয়াৰ কাৰ্যসূচী সফল ৰূপায়নত অংশগ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী হিতেন্দ্ৰ শৰ্মা, হৰিচন্দ্ৰ লহকৰ, সমাজকৰ্মী তথা স্বাস্থ্যকৰ্মী অমূল্য বৈশ্য, সমাজ সেৱিকা কবিতা দাস প্ৰমূখ্যে উপস্থিত ৰাইজৰ সহায় সহযোগিতাৰ বাবে সংস্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে পৰৱৰ্ত্তী সময়ৰ কাৰ্যসূচীত ৰাইজৰ দিহা পৰামৰ্শ আশীৰ্বাদ কামনা কৰে বেচৰকাৰী সংগঠনটোৱে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা