গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে বটদ্ৰৱা থানত ভক্তিৰ নিজৰা==গুৰু বন্দনা-হৰিনামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৰ্বিভাৱ মহোৎসৱটি উৎসাহ-উদ্দীপনাৰ মাজেৰে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্রৱা থানত কালিৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হয় ৷ সেয়ে থান প্ৰাংগনত ভক্তৰ উপস্থিতিৰে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ ভিন্ন প্রান্তৰ পৰা অহা ভক্তই বন্তি, শৰাই আগবঢ়াই সেৱা আগবঢ়োৱাত হৰিনাম ভকতিৰ ৰসত বৈকুন্ঠ পুৰীলৈ পৰ্যবসিত হৈ পৰে বটদ্ৰৱা থান ৷ উল্লেখ্য যে, পূৰ্বৰ বছৰ সমূহত বটদ্ৰৱা থানত জগত গুৰু শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণভাবে তিনি-চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল। কিন্তু সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্টুপীয়াকে সীমিত কাৰ্যসূচীৰে জন্মজয়ন্তী উৎসৱ ভাগ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে থান পৰিচালনা সমিতিয়ে ৷ কাৰ্যসূচী অনুসৰি কালি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আৰু দুপৰীয়াৰ মূল নাম প্ৰসংগ, প্ৰসাদ বিতৰণী অনুষ্ঠানৰ পিছত বিয়লিৰ ভাগত থানৰ নিত্য নৈমিত্তিক চৈধ্য প্ৰসংগৰ উপৰিও বিয়লি থানৰ নাটঘৰত ভকত-বৈষ্ণৱ, আইমাতৃসকলৰ উপস্থিতিত গুৰু চৰিত পাঠ কৰা হয় । ইফালে, আজি পুৱা তাল কোবোৱা প্রসংগ, মঞ্জিৰা নাম, আইসকলৰ নামৰ লগতে বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা সত্ৰ প্ৰদক্ষিন কৰি ভকত-বৈষ্ণৱৰ দ্বাৰা উষা কীৰ্তন পৰিবেশন কৰা হয়। ইয়াৰ পিছতে স্থানীয় নামতি দলে আকাশীগঙাৰ তীৰৰ আই খেৰসূঁতি সাংস্কৃতিক মঞ্চত দিহানাম পৰিৱেশনেৰে থান চৌহদ মুখৰিত কৰি তোলে । দুপৰীয়া মূল নাম প্ৰসংগৰ অন্তত বিয়লি ভাগত নাটঘৰ চৌহদত চৰিত পাঠ অনুষ্ঠান আৰু আই খেৰসূঁতি সাংস্কৃতিক মঞ্চত দিহানাম সমাৰোহ অনুষ্ঠিত কৰা হয় ৷ সন্ধিয়া বটদ্ৰৱা থানৰ চৌহদ, আকাশীগঙা চৌহদ, দৌল মন্দিৰ আৰু সতীৰাধিকা স্মৃতিক্ষেত্ৰৰ উপৰিও বটদ্ৰৱা থানৰ সকলোবোৰ প্ৰৱেশদ্বাৰত মিঠাতেলৰ বন্তি-চাকিৰ উজ্বল আলোকেৰে আলোকিত কৰি এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰা হয় ৷ তদুপৰি গুৰুজয়ন্তীৰ লগত সংগতি ৰাখি বটদ্ৰৱাৰ দুয়োখন ঐতিহ্যময় সত্ৰৰ প্ৰতিঘৰ ভকত-বৈষ্ণৱৰ পদুলিয়ে পদুলিয়ে কলৰ পুতি স্থাপন কৰি বন্তি প্ৰজ্বলনৰ দৃষ্টিনন্দন পৰিৱেশে অঞ্চলটোৰ সত্ৰ পৰম্পৰাৰ ঐতিহ্যময় ধাৰাবাহিকতা অক্ষুন্ন ৰখা হয় ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা