ৰংদৈ দ’গাৱত ৫৭৩ তম মহাপুৰুষ জন্ম জয়ন্তী পালন

 সন্ত্ৰাসৰ সামান্য ৰোধ হোৱা লগে লগে সমগ্ৰ ৰাজ্যতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ ধৰ্মীয় অনুষ্ঠান সমূহৰ কাৰ্যসূচীৰে চলাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগতে উত্তৰ যোৰহাটৰ বিভিন্ন গাৱৰ লগতে ৰংদৈ দ’গাৱতো মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৩ জন্ম জয়ন্তী পালন কৰে৷ পুৱা ৫ বজাত মাখন শইকীয়াৰ দ্বাৰা  উষা কীৰ্তন কৰা পাছত ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ৰংদৈ দ’গাৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেন কলিতাই৷ ৮. ৩০ বজাত ভাগৱত লৈ গাৱৰ ভকত প্ৰাণ সকলৰ সহ সাংস্কৃতিক শোভাযাত্ৰা কৰে৷ ৰাইজৰ পদুলীৰমুখেৰে ভাগৱত পাৰহৈ যোৱা ভাগৱত ভাগিত সকলোৱে পৰম্পৰাগত ভাৱে শৰাই আগবঢ়াই সেৱা লয়৷ হৰিনামেৰে মুখৰিত হৈ পৰা শোভাযাত্ৰা নামঘৰৰ বাট চৰাত সামৰনি কৰে৷ ইয়াৰ পাছত ১২ বজাৰ পৰা নামাচাৰ্য ভূৱন শইকীয়া, পাঠক দুৰ্গা মোহন বৰা দ্বৰা মূল নাম প্ৰসংগ আৰম্ভ কৰে৷ নৰেন নেওগ আৰু দয়াৰাম নেওগৰ দ্বাৰা মূল শৰাই উচ্চৰ্গা কৰা অনুষ্ঠানত সন্ধালৈ গাঁৱৰ প্ৰতি ঘৰে বন্তি প্ৰজলনেৰে মহাপুৰুষ গৰাকীক স্মৰণ কৰে৷ৰাতিলৈ ৰংদৈ দ’গাৱৰ সমূহ ৰাইজৰ সহযোগত সিন্ধু মুনিৰ পিতৃ ভক্তি- দশৰথৰ স্বৰ্গ উদ্বাৰ নামৰ ভাওনা প্ৰদৰ্শনেৰে প্ৰথম দিনা কাৰ্যসূচীৰ পালন কৰে৷ 
কালিলৈ পুৱা ৫ বজাত লীলাৰাম কলিতাৰ উষা কীৰ্তনেৰে আয়োজন হ’ব লগা কাৰ্যসূচীৰ মতে ১০ সম্বৰ্দ্ধনা সভা আৰু ১১-৩০ বজাৰ পৰা আইসকলৰ নাম প্ৰসংগৰ কাৰ্যসূচীকে ধৰি কেবাটাও ধৰ্মীয় কাৰ্যসূচী আয়োজন কৰিব৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা