নলবাৰী জিলাৰ *ৰাজপথ* *কপালে বিশ্ব হিন্দু* *পৰিষদবজৰং* *দলে।**

*নলবাৰী জিলাৰ *ৰাজপথ* *কপালে বিশ্ব হিন্দু* *পৰিষদবজৰং* *দলে।** 
বাংলাদেশত চলিত বৰ্ষৰ দুৰ্গা পূজাৰ পৰা প্ৰতিদিনে হিন্দু মানুহৰ ওপৰত মুছলমান জেহাদীয়ে চলোৱা হত্যা লীলাৰ বিৰুদ্ধে,আজি বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ তৰফৰ পৰা এক বৃহত প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে নলবাৰী জিলাত এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন ধৰণৰ প্রদিবাদী ধ্বনি দিয়ে দলৰ কৰ্ম কৰ্তা সকলে।
১) বাংলাদেশত হিন্দু হত্যা নচলিব 

২) হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিচাৰ লাগে

৩) মন্দিৰৰ সুৰক্ষা সুনিশ্চিত কৰক

৪) হিন্দুৰ ধৰ্মিয় স্বাধিনতা সুনিশ্চিত কৰক

 ৫)বাংলাদেশ হুচিয়াৰ

৬) শ্বেশ হাছিনা হুচিয়াৰ
৭) জেহাদী শক্তি হুচিয়াৰ

ইত্যাদি শ্ল’গানেৰে নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈ সংগঠনটোৰ প্ৰায় তিনিতাধিক কাৰ্য্যকৰ্তা স্মাৰকপত্ৰ দিয়াৰ উদ্দেশ্যেৰে ৰাওনা হয়৷ বিশ্ব হিন্দু পৰিষদ নলবাৰী বিভাগৰ সংগঠন মন্ত্ৰী শ্ৰীযুত অনুপ দাসৰ নেতৃত্বত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ  সহঃ সম্পাদক মানস পাটগিৰী, জিলা প্ৰচাৰ প্ৰমুখ ভাস্কৰ ডেকা, মঠ মন্দিৰ প্ৰমুখ ভৱেশ লহকৰ জেষ্ঠ কাৰ্য্যকৰ্তা বিজু দত্ত, লাচিত কলিতা বজৰংগ দলৰ নলবাৰী জিলা সংযোজক জিতুমনি কলিতা, সহঃ সংযোজক হিৰকজ্যোতি দাসকে ধৰি সংগঠনটোৰ গোটেইকেইটা প্ৰখণ্ডৰ নেতৃত্ব আৰু কাৰ্য্যকৰ্তা সকল উপস্থিত থাকি কাৰ্য্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত সহযোগিতা প্ৰদান কৰে৷

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা