বিশেষভাবে সক্ষম লেখিকা জোৱলা বৰালৈ দেবচন্স বিশেষ সাহিত্য প্ৰতিভা বঁটা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ কুঁজাৰবৰি গাঁৱৰ যুৱতী তথা অসমৰ সাহিত্য ক্ষেত্ৰখনৰ এটি সম্ভাৱনাময় প্ৰতিভাৰ আঁকৰ জোৱলা বৰাক তেওঁৰ নিজা বাসভৱনত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মঙলদৈৰ এক সম্ভ্ৰমপূৰ্ণ অনুষ্ঠান দেবচন্সে আগবঢ়ায় বিশেষ সাহিত্য প্ৰতিভা বঁটা ৷ দেবচন্স গ্ৰুপৰ ডাঃ অমৰেন্দ্ৰ নাৰায়ণদেৱে উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা নটসূৰ্য বঁটা প্ৰাপক ঐশ্বৰ্য্য কাকতি, মুখ্য বক্তা ৰূপে বিশিষ্ট গৱেষক, পণ্ডিত ডাঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশী মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷ প্ৰাঞ্জল শৰ্মাই পৰিচালনা কৰা তথা স্থানীয় কুঁজাৰবড়ি যুৱক সংঘৰ সহযোগত আয়োজিত সভাখনিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, বিশিষ্ট গৱেষক, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৰেন কলিতা, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশী, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া মহানন্দ হাজৰিকা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰদলৈ, কৃতী শিক্ষক ৰাতুল হাজৰিকা প্ৰমুখ্যে বহুকেইজন গুণী-জ্ঞানী ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷ সমবেত সংগীত পৰিবেশনেৰে শুভাৰম্ভ হোৱা সভাত অৱসৰপ্ৰাপ্ত অধ্যাপিকা নীলিমা গোস্বামীয়ে 'দেবচন্স আৰু জোৱলা বৰা' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে ৷ বিশেষভাবে সক্ষম লেখিকা জোৱলাা বৰাক প্ৰদান কৰা এই  বিশেষ সাহিত্য প্ৰতিভা বঁটাত আছে এক লাখ টকাৰ লগতে স্মাৰক বঁটা, কিতাপৰ টোপোলা, অঙ্গ বস্ত্ৰ আৰু ফুলৰ থোপা ৷ প্ৰায় দুই শতাধিক  লোক উপস্থিত থকা সভাখনিত শিল্পী ৰিণ্টিমণি ডেকা, বীথিকা নাৰায়ণ আৰু পদুম বৰাৰ গীতৰ উপৰি সংগীত শিল্পী ৰূপম তালুকদাৰে পৰিৱেশন কৰা লঘুসংগীতৰ সুৰে  সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা