পাকিস্তানৰ পতাকা দাহনৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ নলবাৰীত উত্তাল প্ৰতিবাদ

*পাকিস্তানৰ পতাকা দাহনৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলৰ নলবাৰীত উত্তাল প্ৰতিবাদ।* 

জন্মু -কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু ওপৰত কৰা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত নলবাৰী চহৰৰ গৰ্ডন চ'কত নলবাৰী বিশ্ব হিন্দু পৰিষদ ,বজৰংগ দলৰ ধৰ্ণা কাৰ্য্যসূচী।
 
হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ সহ্য কৰা নহব।
পাকিস্তান সন্ত্ৰাসবাদ মূৰ্দাবাদ।
 আদি শ্লো-গানেৰে নলবাৰীত বিশ্ব হিন্দু পৰিষদ,বজৰংগ দলে পৰিৱেশ উত্তাল কৰি তুলে নলবাৰী চহৰ।

জন্মু- কাশ্মীৰত পাকিস্তান সন্ত্ৰাসবাদীৰ দ্বাৰা হিন্দুৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে নলবাৰীতো বিশ্ব হিন্দু পৰিষদ,বজৰং দলে ধৰ্ণা কাৰ্যসূচী হাতত লয়।উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগ মন্ত্ৰী অনুপ দাস আৰু বজৰংগ দল নলবাৰী জিলা সংযোজক জিতু মনি কলিতাৰ লগতে সংগঠনৰ কাৰ্য্য কৰ্তা আনহাতে বজৰংগ দল নলবাৰী জিলাৰ সংযোজক জিতু মনি কলিতাই  সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে হিন্দুৰ ওপৰত হোৱা এই বৰ্বৰ অত্যাচাৰ সহ্য কৰা নহব আৰু এনে ঘটনাৰ পুনৰাবৃত্তি হলে গণতান্ত্ৰিক ভাৱে আন্দোলন আৰু তীব্ৰতৰ কৰিব বুলি  হুংকাৰ দিয়ে 

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা