কৃষ্ণাইত শান্তি পূৰ্ণ ভাৱে উদযাপিত হ’ল দুৰ্গা পূজাঃআৰক্ষী প্ৰশাসনৰ তৎপৰতাৰ শলাগ ল’লে স্থানীয় জনতাই

নিজম পৰিল গোৱালপাৰা জিলাৰ কৃষ্ণাই গ্ৰাম্য চহৰ ৷ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত পাঁচ দিনে উখল মাখল হৈ থকা কৃষ্ণাইত এতিয়া নিমাওমাও পৰিবেশ ৷ হয়,ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰৰ দৰে কৃষ্ণাইতো ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক আজি দশমীৰ আবেলি কৃষ্ণাই নৈৰ বুকুত বিসৰ্জন দিয়াৰ পিছতে সামৰণি পৰিল এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱৰ ৷  উল্লেখ্য যে কৃষ্ণাইত এইবেলি মুঠ সাতটা মণ্ডপত অনুষ্ঠিত হয় দুৰ্গা পূজা ৷ আনহাতে কাষৰীয়া খাৰদাং আৰু হাৰিমুৰাতো দেৱী পূজাৰ আয়োজন কৰে স্থানীয় ৰাইজে ৷ ইফালে ঐতিহ্যমণ্ডিত শ্ৰীটুক্ৰেশ্বৰী দেৱালয়তো অনুষ্ঠিত হয় দুৰ্গা পূজা ৷ মৃন্ময় প্ৰতিমা বিহীন টুক্ৰেশ্বৰী দেৱালয়ৰ দুৰ্গা পূজাত নৱমীৰ দিনা দেৱীৰ নামত ম’হ বলি দিয়াটো ৰজা দিনীয়া এক পৰম্পৰা ৷ যি বলিৰ ছিন্ন দেহৰ পৰা নিৰ্গত ৰক্ত পান কৰে দেৱালয় খনত থকা কপিকুলে ৷ প্ৰণিধানযোগ্য যে, দুৰ্গা পূজাৰ সময়ছোৱাত শান্তি শৃংখলা বাহাল ৰখাৰ স্বাৰ্থত তৎপৰতা প্ৰদৰ্শন কৰা স্থানীয় আৰক্ষী  প্ৰশাসনক কৃষ্ণাইবাসী ৰাইজে ধন্যবাদ জনাইছে  ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা