দেৰগাঁৱৰ দিচৈ চাৰিআলিত "ইনফিনিতি" শীৰ্ষক শীত তাপ নিয়ন্ত্ৰিত অত্যাধুনিক চেলুন উন্মোচনশিক্ষিত যুৱকৰ কৰ্ম সংস্কৃতিৰ সুন্দৰ নিদৰ্শন

ৰাজপথৰ আন্দোলন বহুত হ'ল, এইবাৰ ৰাজপথৰ আন্দোলন নহয়, কৰ্মসংস্কৃতিয়ে আন্দোলন গঢ়িছে দেৰগাঁৱৰ এজন অসমীয়া যুৱকে। 
উচ্চশিক্ষাৰে শিক্ষিত ফৰিদ আলি নামৰ  এই গৰাকী যুৱকে আজিৰ পৰা দুবছৰ পূৰ্বে দেৰগাঁৱৰ দিচৈ চাৰিআলিত এখন সৰু চেলুন খুলি আৰম্ভ কৰিছিল জীৱন সংগ্ৰাম। যি সময়ত অসম মূলকৰ পৰা কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ বছৰি আমাৰ শিক্ষিত নিবনূৱাই ঢাপলি মেলিছে ।তেনে সময়তে দেৰগাঁৱৰ এইজন যুৱকে দেখুৱাইছে কৰ্মসংস্কৃতিৰ এক সুন্দৰ নিৰ্দশন। শুকুৰবাৰে বিয়লি  ফৰিদে দেৰগাঁৱৰ দিচৈ চাৰিআলিত যথেষ্ট সংখ্যক শুভাকাংক্ষীৰ উপস্থিতিত পিতৃ ফজিলত আলিৰ দ্বাৰা উম্মোচন কৰে "ইনফিনিতি" নামৰ শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক  চেলুন খনি।  এই চেলুনখনৰ পৰা নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু কেইবাগৰাকীও শিক্ষিত নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে ফৰিদে। নিশ্চয়কৈ দেৰগাঁৱৰ দিচৈ চাৰিআলিৰ এই ফৰিদ আলি হব পাৰে  শিক্ষিত নিবনুৱাৰ বাবে এক আৰ্দশ স্বৰূপ।

দেৰগাঁৱৰ পৰা কুমুদ বৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা