নগাঁৱত দহদিনে সন্ধান নাই নৱম শ্ৰেণীৰ ছাত্ৰৰ≈≈গভীৰ দুঃশ্চিন্তাত পৰিয়ালবৰ্গ

# নগাঁৱত দহদিনে সন্ধান নাই নৱম শ্ৰেণীৰ ছাত্ৰৰ≈≈গভীৰ দুঃশ্চিন্তাত পৰিয়ালবৰ্গ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ অক্টোবৰঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ এলেকাধীন সৰু ৰাধা আটিৰ এটি কিশোৰ দহদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দিষ্ট কিশোৰটি হৈছে সৰু ৰাধা আটি নিবাসী ফকৰ উদ্দিনৰ একমাত্ৰ পুত্ৰ সন্তান ইয়াদুল জুলফিকাৰ ৷ আচলতে, যোৱা ১৭ অক্টোবৰৰ দিনা পুৱাৰ ভাগত ঘৰৰ পৰাই ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে স্থানীয় ৰজাবাৰীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত নৱম শ্ৰেণীত অধ্যয়ণৰত কিশোৰটি ৷ অৱশ্যে বিগত দিনকেইটাত পৰিয়ালৰ লোকে বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ লগতে সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও আজিকোপতি ছাত্ৰজনৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই । সেয়ে এনেদৰে হঠাতে ছাত্ৰজন নিখোজ হৈ পৰাত পৰিয়ালৰ লোকসকল গভীৰ চিন্তাত মানসিকভাবে ভাগি পৰিছে ৷ ইফালে, নিজৰ একমাত্ৰ পুত্ৰক বিচাৰি নাপাই উপায়হীন হৈ পিতৃ ফকৰ উদ্দিনে ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও ছাত্ৰজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । সেয়ে কোনো ব্যক্তিয়ে যদি ছাত্ৰজনৰ কিবা সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষী থানা নাইবা ৮১৩৩৮-৫০৫৩৬ আৰু ৮৪৭৩৯-৬৯৬১৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পুত্ৰৰ সন্ধান দিঁওতাক উপযুক্ত পুুুুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰিছে দুৰ্ভগীয়া পিতৃ ফকৰ উদ্দিনে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা