পৰ্যটকৰ বাবে মুকলি হ'ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী

# পৰ্যটকৰ বাবে মুকলি হ'ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ অক্টোবৰঃ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ল লাওঁখোৱা অভয়াৰণ্যৰ কাটাখাল পৰ্যটনস্থলী । এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক প্ৰধান পি শিৱকুমাৰৰ উপস্থিতিত এই পৰ্যটনস্থলী আনুষ্ঠানিকভাবে মুকলি কৰে অসমৰ প্ৰধান মুখ্য বন্যপ্ৰাণী সংৰক্ষক অমিত চাহাই ৷ এইবাৰ অভয়াৰণ্যখনৰ কাটাখাল পৰ্যটনস্থলীত পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ নৌকা বিহাৰ, হস্তী চাফাৰি আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ৷ অৱশ্যে লাওঁখোৱা অভয়াৰণ্যৰ নৈসৰ্গিক আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আৱৰা কাটাখাল পৰ্যটনস্থলী মুকলি কৰা হ’লেও এই পৰ্যটনস্থলী পৰিভ্ৰমণৰ বেলিকা এইবেলি কেতবোৰ নীতি-নিৰ্দেশনা পালন কৰিব লাগিব পৰ্যটকে । কভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অভয়াৰণ্যখনৰ কাটাখাল পৰ্যটনস্থলীত প্ৰৱেশৰ ক্ষেত্ৰত দুয়োপালি ভেকচিন লোৱা লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই । তদুপৰি অভয়াৰণ্যখনৰ বন্যপ্ৰাণীৰ প্ৰতি লক্ষ্য ৰাখি কাটাখাল পৰ্যটনস্থলীত সুৰা আৰু ডি জে বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অভয়াৰণ্য খনৰ কৰ্তৃপক্ষই ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা