অৰুণাচল প্ৰদেশৰ নামচাইত আটক এজন NSCN কেডাৰ

অৰুণাচল প্ৰদেশৰ নামচাইত আটক এজন NSCN কেডাৰ 

 কাকপথাৰ,২৭ অক্টোবৰ: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত কৌপাটনি গাঁওৰ পৰা কালি আবেলি নামচাই আৰক্ষী, দ্বিতীয় আই:আৰ:বি:এন: আৰু ১৮৬ নং চি:আৰ:পি:এফ: বাহিনীৰ যৌথ অভিযানত এনএছচিএন (ইউ)ৰ এজন এৰিয়া কমাণ্ডাৰক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা কেডাৰজন অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰ থানাৰ অন্তৰ্গত লেকাং গোসাঁই গাঁওৰ বুলি জানিব পৰা গৈছে । আটক কৰা কেডাৰজনৰ নাম মিনেশ্বৰ দিহিঙীয়া ওৰফে পাইলত । কেডাৰজনৰ পৰা মেগজিনসহ এটা .৩৮ পিষ্টল, পাঁচটা সজীৱ গুলি, এটা মোবাইল ফোন, দুখন এটিএম কাৰ্ডৰ লগত বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । কেডাৰজনৰ বিৰুদ্ধে বিভিন্ন থানাত পাঁচটাকৈ গোচৰ ৰুজু হৈ আছে । গোচৰসমূহ ক্ৰমে মহাদেৱপুৰ থানাৰ গোচৰ নং 12/2011 u/s 365/302/201 IPC, গোচৰ নং 03/2013 u/s 364(A)/392/34  IPC R/W Sec 25 of Arms Act গোচৰ নং 08/2021 u/s 392 IPC, নামচাই থানাৰ 18/2021 u/s 384/511/506 IPC আৰু অপৰাধ শাখাৰ গোচৰ নং 03/2021 u/s 384 IPC R/W 25 (1) (B) Arms Act ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা