১ নং গেদাৰবড়িত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মোৎসৱ উদযাপন

  দেৱব্ৰত বৰা , জাজৰি : মনুষ্যৰ মুক্তিৰ পথ প্ৰশস্ত কৰি কলা কৃষ্টি, ভাষা সাহিত্য, ঐক্য সংহতিৰে সাম্যবাদৰ ভেটি  গঢ়ি একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰোতা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম আৱিৰ্ভাৱ মহোৎসৱভাগ পূৱ হাতীচোং আঞ্চলিক ৰাইজৰ সৌজন্যত ১ নং গেদাৰবড়ীৰ শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰত ১৫,১৬ আৰু ১৭ অক্টোবৰত তিনিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠানভাগ আয়োজিত হব। কাৰ্য্যসুচী অনুসৰি প্ৰথম দিনা পুৱা ভাগত ধৰ্মীয় কাৰ্য্যসুচীৰ অন্তত সন্ধ্যা ৬ বজাত অঞ্চলৰ বাচকবনীয়া যুৱক যুৱতীৰ দ্বাৰা ৰাতুল শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হব অসনীয়া ভাঁওনা "কুৰুক্ষেত্ৰ"। দ্বিতীয় দিনা শনিবাৰে দিনৰ ভাগত বিভিন্ন ধৰ্মীয় কাৰ্য্যসুচীৰ পাছত সন্ধ্যা ৬ বজাত শংকৰী সাংস্কৃতিক সাধক জিতু ডেকাৰ পৰিচালনাৰে পৰিবেশন কৰা হব গুৰুজনাৰ বিৰচিত অংকীয়া ভাওনা "ৰুক্মিণী হৰণ"। অন্তিম দিনা সন্ধ্যা ৬ বজাৰ অনুষ্ঠিত হব অজিত বৰাৰ পৰিচালনাৰে অঞ্চলৰ আইমাতৃ আৰু যুৱতীসকলৰ দ্বাৰা গুৰুজনাৰ বিৰচিত অঙ্কীয়া ভাঁওনা "কেলী গোপাল"। উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিৰ হৈ উদযাপন  সমিতিৰ সম্পাদক দৰ্শন মহন্তই এই বাৰ্তাৰ যোগে কামনা কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা