গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ শিলঘাট-শেনচোৱা আঞ্চলিক সমিতি গঠন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১১ অক্টোবৰঃ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  নগাঁও জিলাৰ অন্তৰ্গত শিলঘাট-শেনচোৱা আঞ্চলিক সমিতিখন ইতিমধ্যে গঠন কৰা হৈছে ৷ শিলঘাট-শেনচোৱাৰ জাম্মে মছজিদৰ সভাগৃহত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত এই সমিতিখন সৰ্বসন্মতিক্ৰমে গঠন কৰা হয় ৷ সভাত মহিব উদ্দিন আহমেদক সভাপতি, নজৰুল ইছলামক কাৰ্যকৰী সভাপতি, ইমৰাণ হুছেইনক সাধাৰণ সম্পাদক, ইক্ৰামুদ্দিন আহমেদ আৰু হাফিজ উদ্দিন আহমেদক জিলা প্ৰতিনিধি হিচাপেলৈ ৪১ জনীয়া পুৰ্ণাংগ সমিতিখন গঠন কৰা হয় । উক্ত সভাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰাক্তন উপদেষ্টা ফাইজুৰ ৰহমান, পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অধিবক্তা ইমৰান হুছেইন, পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি নজমল হুছেইন আৰু সাধাৰণ সম্পাদক জাহিদুৰ ৰহমানকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা