বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভা

 বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভা#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজ, অসমৰ বিশেষ জৰুৰী পাৰমাৰ্থিক সভাখনি শনিবাৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰাদেশিক পালনাম আচাৰ্য বালী আতাৰ সঞ্চালনতাত অনুষ্ঠিত হোৱা সভাখনিৰ আৰম্ভণিতে অসমৰ বিভিন্ন প্ৰান্তত শেহতীয়াভাবে পৰলোকপ্ৰাপ্তি ঘটা সমাজৰ ভকতসকলৰ আত্মাৰ চিৰশান্তি আৰু সদগতিৰ কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ সমাজৰ প্ৰধান সচিব জীৱন আতাই আঁত ধৰা সভাখনিত সদ্য প্ৰয়াত সমাজৰ উপাচাৰ্য অনুৰাম আতাৰ অনুপস্থিতি সমাজৰ বাবে বৃহৎ ক্ষতি বুলি উপস্থিত সকলোয়ে দুখ প্ৰকাশ কৰি সমাজৰ সেই গুৰুত্বপূৰ্ণ পদটি পূৰণৰ ক্ষেত্ৰত সভাই বিস্তৃতভাবে আলোচনা কৰে ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলৰ লগতে নগাঁও জিলা পালনাম আচাৰ্য হীৰেণ আতা, মূহিধৰ আতা, জিলা কাৰ্যালয় সম্পাদক মুৰুলী ধৰ দাস, জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাক্তন সম্পাদক বিক্ৰমজীত দাস, সভাপতি ভুৱনেশ্বৰ দাস, জিলা সম্পাদক উমা কান্ত দাস আদি উপস্থিত থাকে বুলি একশৰণ ভাগৱতী সমাজৰ প্ৰচাৰ সচিব ডেভিদ দাসে জানিবলৈ দিছে ।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা