মৰিগাঁৱত *শাৰদীয় কবিতাৰ মৌমেল আৰু সম্বৰ্ধনা অনুষ্ঠান*

মৰিগাঁও - যোৱা ২৪ অক্টোবৰ  /২০২১ তাৰিখে মৰিগাঁও মহাবিদ্যালয়ৰ ডিজিটেল সভাকক্ষত দিনযোৰা কাৰ্যসূচীৰে তক্ষশিলা সাহিত্য আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আৰু উত্তৰ-পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত  "শাৰদীয় কবিতাৰ মৌমেল আৰু সম্বৰ্দ্ধনা অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷পুৱাৰ ভাগত দুয়োটা অনুষ্ঠানৰ সভাপতি অলকানন্দা কাকতি আৰু জ্যোতিষ বৰ্মনে বন্তি প্ৰজ্বলন কৰে । ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা কবিতা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে শিশু শিল্পী অন্তৰা দেৱীয়ে বৰগীত
পৰিৱেশন কৰে ৷উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলাৰ সভাপতি জ্যোতিষ বৰ্মনে কবি সন্মিলনখন উদ্বোধন কৰে ৷বিশিষ্ট অতিথি হিচাপে বক্তব্য  মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত প্ৰতাপ হাজৰিকা জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলা বৰঠাকুৰ, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি 
 ত্ৰিদিৱ লস্কৰ, জিলা বনবিষয়া দেবব্ৰত গগৈ, ৰহস্যৰ সম্পাদক ডঃ বাবু ৰাভা হাকাচাম, শিশু শিল্পী প্ৰাচুৰ্য কাকতিৰ গীটাৰ বাদন  আৰু অৰ্চিতা দাসৰ গীতেৰে মুখৰিত অনুষ্ঠানৰ আঁত ধৰে দুয়োটা অনুষ্ঠানৰ সম্পাদক ক্ৰমে ৰশ্মিৰেখা কাশ্যপ আৰু ললিত চন্দ্ৰ বৰদলৈয়ে ৷ 
   ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙনিৰ বাবে বিশেষকৈ ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য, সামাজিকভাৱে জড়িত  মুঠ ২১ গৰাকীক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট কবি তথা মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লীলা বৰঠাকুৰ,  সমাজসেৱক নগেন দাস, অম্বু বৰা, দীপালি বৰদলৈ , আব্দুছ চালামৰ  লগতে  নৰেশ্বৰ নাথ, তুলুমনি দাস, দুলাল চন্দ্ৰ নাথ,জোনটি মেধি, কৃষ্ণামনি বৰা,ৰূপা খাটনিয়াৰকে ধৰি ২১ জনক  সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰায় ৩০  গৰাকী কবিয়ে  কবিতা পাঠ কৰে - নীলকমল বৰা, মনোজ কুমাৰ দাস, ৰিজুমনি দেৱী, ডাঃ জয় বৰা, ভাৰ্গৱ কুমাৰ নাথ, লক্ষেশ্বৰ কাকতি, আৰতি শৰ্মাকে ধৰি মুঠ ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে আৰু শলাগৰ শৰাই আগবঢ়াই ৰেকিবুল আজাদে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা