সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ।হিন্দু মুছলমান উভয় সম্প্ৰদায়ে উৎযাপন কৰিলে গুৰুজনাৰ জন্ম জয়ন্তী

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ *৫৭৩* সংখ্যক জন্ম জয়ন্তী ৷হৰিনামৰ ধ্বনিৰে মূখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ আৰু নামঘৰ সমূহ। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰতো একেই পৰিবেশ । নাম আৰু খোল প্ৰসংগৰে মুখৰিত পাটেকীবড়ী সত্ৰ ।গুৰুজনাৰ বহু ষ্মৃতি বিজড়িত  এই ঐতিহ্যমণ্ডিত সত্র খনত দেখিবলৈ পোৱা গ'ল এক বিশেষ দৃশ্য । _মহাপুৰুষ জনাৰ জন্ম জয়ন্তী উৎযাপন কৰিলে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে ।উল্লেখ্য যে  পাটেকীবড়ী সত্ৰ খনৰ চাৰি দিশে নাই কোনো এজন হিন্দু ধৰ্মৰ লোক অথবা কোনো পৰিয়াল।কিন্তু সত্ৰ খন আজি ও কোনো আঁচুৰ নপৰা কৈ আছে ।সত্ৰ খন চোৱা-চিতা কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান সমূহত মুছলমান সম্প্রদায়ৰ লোকসকলে অংশগ্রহণ কৰি আহিছে ।আনকি বহু বছৰ পূর্বে তিনি জন মুছলমান লোকে সত্ৰ খনৰ উন্নয়নৰ বাবে *১২* বিঘা ভুমিও দাণ কৰিছে । মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰৰ এই পৰিবেশে অসমবাসীলৈ নিশ্চিত ভাবে এক শুভবৰ্তা কঢ়িয়াই আনিছে।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা