নগাঁও মহকুমাৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া অনুশীলনৰ বহী বিতৰণ

# নগাঁও মহকুমাৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া অনুশীলনৰ বহী বিতৰণ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ অক্টোবৰঃ নগাঁও মহকুমা অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ ব’ৰ্ডৰ দ্বাৰা মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত অধ্যয়ণৰত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ অ’ বি চি ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ অনুশীলন বহী বিতৰণৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে । মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে গ্ৰহন কৰা এই কাৰ্যসূচীৰ শনিবাৰে আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হয় ৷ এই মৰ্মে, মহকুমাটোৰ হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি লোকেন্দ্ৰ কুমাৰ নাথে ৷ নগাঁও মহকুমা অ’ বি চি ব’ৰ্ডৰ অধ্যক্ষ মনোৰঞ্জন নাথে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত শিক্ষাবিদ তথা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা প্ৰকাশ বৰা, হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন কুমাৰ নাথ, নিজ হাতীচোং গাঁও পঞ্চায়তৰ সভাপতি অভিজিৎ মেধী, সমাজকৰ্মী গোপাল বৰা, জোনালী দেৱী, গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পৱন জ্যোতি ভূঞা, চকলাঘাট জে বি বিদ্যালয়ৰ প্ৰধান শিক্ষক শিৱ প্ৰসাদ ভড়ালীকে ধৰি কেইবাজনো গন্যমান্য ব্যক্তিৰ লগতে হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ৷ এই সভাতে মহকুমাটোৰ মুঠ ৯৩ খন বিদ্যালয়ৰ ভিতৰত প্ৰথম পৰ্যায়ত ১৭ খন বিদ্যালয়ৰ অ’ বি চিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুশীলন বহীসমূহ বিতৰণ কৰা হয় ৷ 
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা