জামুগুৰিহাটৰ শলগুৰিৰ বিশিষ্ট সমাজকৰ্মী,শংকৰী সাধক প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন অনুষ্ঠান

#জামুগুৰিহাটৰ শলগুৰিৰ বিশিষ্ট সমাজকৰ্মী,শংকৰী সাধক প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন অনুষ্ঠান ৷
#স্মৃতিচাৰন অনুষ্ঠানত অনুষ্ঠানত অংশ গ্ৰহন অঞ্চলটোৰ ভক্তপ্ৰান ৰাইজৰ ৷
-----------------------------------------
জামুগুৰিহাটৰ শলগুৰি গাওঁৰ প্ৰয়াত সমাজকৰ্মী,শংকৰী সাধক,সমাজ সংগঠক  গোবিন বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকি উপলক্ষে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷ প্ৰয়াত গোবিন বৰাৰ বাসগৃহত আজি  অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ বিষয়ববীয়া সদস্যই গোবিন বৰাৰ স্মৃতিচাৰন কৰাৰ লগতে তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন কৰি শলগুৰি গাওঁৰ শিক্ষক সমাজকৰ্মী প্ৰমোদ বৰাই কয়-গোবিন বৰা এই অঞ্চলৰ পথ প্ৰদৰ্শক ৷ চেউনী বটদ্ৰবা থান, শলগুৰি বিহুমেলা,চেউনী বটদ্ৰৱা সত্ৰৰ উপৰি জামুগুৰিহাটৰ বিভিন্ন সামাজিক,ধৰ্মীয় ,সাংস্কৃতিক অনুষ্ঠানৰে জৰিত গোবিন বৰা প্ৰকৃতাৰ্থত এগৰাকী সমাজগঢ়া ব্যক্তি  আছিল ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰয়াত গোবিন বৰাৰ স্মৃতিচাৰন কৰে-মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ জিলাৰ সভাপতি সম্পাদক,জামুগুৰি আঞ্চলিকৰ সভাপতি সম্পাদক,চেউনী বটদ্ৰবা সত্ৰ আৰু থানৰ বিষয়ববীয়া সকলে ৷দূপৰীয়া প্ৰয়াত বৰাৰ বাসগৃহত মহাপুৰুষ  শ্ৰীমন্ত নামধৰ্ম সমাজৰ ভকত বৈষ্ণৱ সকলে নাম প্ৰসঙ্গঁ অনুষ্ঠিত কৰে ৷
 
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা