উত্তৰ গুৱাহাটীৰ জয়গুৰুত ৬৪ টা চোৰাং গৰুসহ ৯ জনক গ্ৰেপ্তাৰ

উত্তৰ গুৱাহাটীৰ জয়গুৰুত ৬৪ টা চোৰাং গৰুসহ ৯ জনক গ্ৰেপ্তাৰ। 

পঙ্কজ নাথ, চাংসাৰি, ২৮ অক্টোবৰ :

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো ছিণ্ডিকেটৰ বিৰুদ্ধে যথেষ্ট পদক্ষেপ লৈছে যদিও ৰাজ্যত এতিয়াও গৰুৰ চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ আছে । কামৰূপ আৰক্ষীৰ এক অভিযানত  উত্তৰ গুৱাহাটী জয় গুৰুত জব্দ কৰা বৃহৎ সংখ্যক গাই গৰুৰ পৰা সেই কথা স্পষ্ট হৈ পৰিছে । মীৰ আহমেদ চৰকাৰ নামৰ লোকৰ ঘৰৰ চৌহদৰ পৰা উদ্ধাৰ হল  নথি পত্ৰ বিহীন গাই গৰু  ।  জয় গুৰুৰ মীৰ আহমেদ চৰকাৰ নামৰ লোক জনৰ ঘৰৰ চৌহদত কালি কামৰূপ আৰক্ষীয়ে অতৰ্কিতে  চলাই  অভিযান  ।  আৰক্ষীৰ অভিযানত  AS 01 HC 5596 নম্বৰৰ ট্ৰাকসহ মুঠ ৬৪টা গৰু আৰু চোৰাং গৰু ব্যবসায়ী মীৰ আহমেদ চৰকাৰসহ গ্ৰেপ্তাৰ হ'ল ৮ জন লোক । চৰকাৰৰ পুত্ৰ  ৰাতুল আহমেদ চৰকাৰ সহ আঠ গৰাকী গৰু ব্যবসাৰ লগত জৰিত লোকক গ্ৰেপ্তাৰ কৰে  আৰক্ষীয়ে ।  গ্ৰেপ্তাৰ হল বিহাৰৰ বৈশালী জিলাৰ বিৰেন্দ্ৰ কুমাৰ, বালেশ্বৰ ৰায় ,নাগেশ্বৰ ৰায় ,লালিন্দৰ কুমাৰ , কে পি কুমাৰ আৰু ,ৰমেশ কুমাৰ ।  গৰু চিণ্ডিকেটৰ লগত জৰিত চিণ্ডিকেট চক্ৰক  সমুলি উৎসাত কৰাৰ বাবে কামৰূপ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষী অধিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, পাটনাৰ  গান্ধী নগৰৰ পৰা আগৰতলালৈ গাই গৰু সমূহ লৈ যোৱাৰ পৰিকল্গনা কৰিছিল । মজুত কৰি ৰখা মুঠ ৬৬ টা গাইৰ দুজনীৰ মৃত্যু হোৱা বুলি আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰয়ে সদৰি কৰে । আৰক্ষী অধিক্ষক ৰয়ে ৰাজ্যত গৰু চিণ্ডিকেট চলি থকাৰ কথা সদৰি কৰি এই চক্ৰক উৎসাতৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি কয় । মীৰ আহমেদ চৰকাৰ নামৰ অসাধু লোকজনে  অবৈধ গৰুৰ বেহা চলায় অহা কথা জ্ঞাত নহয় হেনো কামৰূপ আৰক্ষী।   উল্লেখ্য যে মীৰ আহমেদ চৰকাৰৰ চৌহদৰ পৰাই দীৰ্ঘ দিনৰ পৰাই চলি আছিল গুৰুৰ চোৰাং বেহা । উত্তৰ গুৱাহাটী আৰক্ষী আৰক্ষী চকীৰ গাতে চলাই অহা গৰুৰ ব্যবসায়ে ষ্পষ্ট কৰিলে আৰক্ষীৰ ভুমিকা  । কালি জব্দকৃত গৰু সমূহ হাজোৰ গোশালালৈ প্ৰেৰণ কৰা বুলি আৰক্ষীসূত্ৰে জানিব পৰা গৈছে । 

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা