বিশিষ্ট সমাজসেৱী, অভিনেতা কিনাৰাম হাজৰিকাৰ দেহাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়াল নিবাসী বিশিষ্ট সমাজসেৱী, প্ৰবীন অভিনেতা, সাংস্কৃতিৱান সৰবৰহী ব্যক্তি কিনাৰাম হাজৰিকাৰ বৃহস্পতিবাৰে নিজ বাসগৃহত জীৱনাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা হাজৰিকাক ঘৰতে চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছিল ৷ মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৮৯ বছৰ ৷ বৃহত্তৰ জাগীয়াল অঞ্চলৰ সমাজ জীৱনৰ লগত সাঙুুুৰ খাই থকা হাজৰিকা অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, শৈক্ষিক অনুষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি সমাজ সেৱাৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল ৷ জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহন কৰা হাজৰিকা জাগীয়াল সমবায় সমিতিৰ লগতো ওতঃপ্ৰোতভাবে জড়িত আছিল ৷ ইফালে, এজন সুদক্ষ অভিনেতা হিচাপে সমাজত আন এক সুকীয়া পৰিচয় থকা হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত বহু গুনমুগ্ধ সমবেত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনোৱাৰ লগতে নশ্বৰ দেহ এখন সুসজ্জিত বাহন উঠাই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰাই ৷ সৎ, অমায়িক আৰু পৰোপকাৰী গুণৰ অধিকাৰী হাজৰিকাৰ মৃত্যুত স্থানীয় অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত বহুগুণধাৰী সৰবৰহী হাজৰিকাই পত্নী, পাঁচজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা