দুধনৈত যুৱকৰ মৃতদেহ উদ্ধাৰ

গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত শান্তি নগৰত কালি আবেলি প্ৰায় ৪ বজাত দুধনৈ নৈৰ বুকুত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত যুৱক জনক আৰক্ষীয়ে দূধনৈৰ  পানী টেংকিৰ কাষৰীয়া ঠেকাচু দ্বিতীয় খণ্ডৰ

কিশোৰ বিশ্বকৰ্মাৰ পুত্ৰ মোহন বিশ্বকৰ্মাৰ বুলি চিনাক্ত কৰে ৷ জানিব পৰা মতে প্ৰায় ২৭ বছৰীয়া যুৱক জনৰ মৃতদেহটো নৈৰ পানীত ওপঙি আছিল ৷ পিছত দুধনৈৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত মোহন বিশ্বকৰ্মাৰ মৃতদেহটো উদ্ধাৰ কৰি দূধনৈ আৰক্ষী থানালৈ লৈ অনা হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা