আন্তঃজিলা ছিনিয়ৰ ফুটবলৰ 'চি' মণ্ডলত মৰিগাঁও দল চেম্পিয়ন

# আন্তঃজিলা ছিনিয়ৰ ফুটবলৰ 'চি' মণ্ডলত মৰিগাঁও দল চেম্পিয়ন#                    

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ অক্টোবৰঃ নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত সামৰণি পৰা ৬৯ সংখ্যক ক্ষিৰোদ বৰুৱা ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ 'চি' মণ্ডলত মৰিগাঁও দলে বিজয়ী খিতাপ অৰ্জনৰে মূল পৰ্যায়ত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। শনিবাৰে অনুষ্ঠিত 'চি' মণ্ডলৰ ফাইনেলত মৰিগাঁও জিলা দলটোৱে কাৰ্বি আংলং দলক টাইব্ৰেকাৰযোগে সামগ্ৰিকভাৱে ৫-৪ গ'লত পৰাজিত কৰে। নৈশালোকৰ তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত মৰিগাঁৱৰ হৈ ৪৪ মিনিটত মোস্তাক আলিয়ে গ'লটো দিয়াৰ বিপৰীতে কাৰ্বি আংলঙৰ হৈ পেনাল্টিযোগে সমতাসূচক গ'লটো খেলৰ অন্তিম সময়ত টেনচন টিচ'য়ে দিয়ে। খেলখন সুচাৰুৰূপে পৰিচালনা কৰাত ৰেফাৰী ঘনশ্যাম দাসক সহায় কৰে পৱিত্ৰ বৰা, শোণিত কুমাৰ বৰা আৰু মিণ্টু বৰদলৈ(চতুৰ্থ)য়ে। খেলৰ অন্তত সামৰণি অনুষ্ঠানত প্ৰাক্তন ফুটবলাৰ আব্দুল মতিন, ক্ৰীড়া সংগঠক জীৱন চূড়াণা, প্লাৱন বৰুৱা, জিতু বৰদলৈ, পংকজ টেৰন, নাচিৰউদ্দিন আহমেদ, তপন দাস, অসীম ভাৱাল, প্ৰমোদ কোঠাৰী, সমীৰ হাজৰিকা, দিলীপ তালুকদাৰ, প্ৰভাত বৰা, নুৰুদ্দিন আহমেদ, ৰমেন নাথ, বাবুল পাটৰ আদি উপস্থিত থাকে ।
================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা