নগাঁৱৰ দেওবালি জাকৰুৱাত চেমনীয়াৰ ফুটবল≈≈কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ চেম্পিয়ন#

# নগাঁৱৰ দেওবালি জাকৰুৱাত চেমনীয়াৰ ফুটবল≈≈কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ চেম্পিয়ন#                       

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দেওবালি জাকৰুৱা খেলপথাৰত চানৰাইজ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত চেমনীয়া খেলুৱৈৰ ফুটবল প্ৰতিযোগিতাত কামপুৰ ষ্টুডেণ্ট ক্লাৱ ফুটবল একাডেমী চূড়ান্ত বিজয়ী হৈছে । প্ৰতিযোগিতাৰ ফাইনেলত কামপুৰ ষ্টুডেণ্ট ক্লাৱ এফ এ দলে ডিমৌ চাৰিআলি ফুটবল একাডেমীক ২-১ গ'লত পৰাজিত কৰে ।আকষৰ্ণীয় খেলখনত ঘনশ্যাম দাসৰ প্ৰশিক্ষণৰে পুষ্ট কামপুৰ ষ্টুডেণ্ট ক্লাৱ একাডেমীৰ হৈ মৃদপৱন ডেকা আৰু বিশাল দাসে গ'ল দুটা দিয়াৰ বিপৰীতে প্ৰাক্তন খেলুৱৈ গনেশ ডেকাৰ প্ৰশিক্ষণৰে পুষ্ট ডিমৌ চাৰিআলি ফুটবল একাডেমীৰ হৈ গ'লটো দিয়ে প্ৰিয়ম ডেকাই । চেমি ফাইনেলত ডিমৌ চাৰিআলি ফুটবল একাডেমীয়ে চাংচকী বৰচোং ফুটবল কোচিং চেণ্টাৰক ৪-১ গ'লত আৰু কামপুৰ ষ্টুডেণ্ট ক্লাব ফুটবল একাডেমীয়ে ডিমৌ চাৰিআলি ফুটবল একাডেমী 'বি' দলক ১-০ গ'লত হৰুৱাই ফাইনেলত উপনীত হৈছিল ।প্ৰতিযোগিতাখনৰ খেলসমূহ পৰিচালনা কৰে মহিলা ৰেফাৰী লিপিকা লস্কৰ, জচী কৌৰ আৰু অনামিকা ডেকাৰজা আদিয়ে। কামপুৰ ষ্টুডেণ্ট ক্লাৱ একাডেমীৰ জিগৰ হৰিজনে শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসপন্ন খেলুৱৈৰ বঁটা লাভ কৰে । ফাইনেল খেলৰ অন্তত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন কুমাৰ দাস আৰু নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকাই বিভিন্ন বঁটাসমূহ বিতৰণ কৰে। ফাইনেল খেলৰ আৰম্ভণিতে অতিথিসকলৰ লগতে প্ৰশিক্ষক গনেশ ডেকা, ঘনশ্যাম দাস আৰু প্ৰবীন সংগঠক বাবুল ৰাজবংশীক সম্বৰ্ধনা জনোৱা হয়।
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা