দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ উপলক্ষে নগাঁৱত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

# দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ উপলক্ষে নগাঁৱত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা# 

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২১অক্টোবৰঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বত দেশৰ ১০০ কোটি জনতাক ক'ভিড ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণত নগাঁও জিলা প্ৰশাসনে বৃহস্পতিবাৰে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উপায়ুক্ত কবিতা পদ্মনাভনে  স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনায় । উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধিত হোৱা স্বাস্থ্য কৰ্মী কেইগৰাকী হৈছে পম্পী নাথ, ৰিম্পী দুৱৰা আৰু ৰেহেনা খাতুন ৷ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে আঁত ধৰা এই অনুষ্ঠানত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে । ইফালে, বিজেপিৰ পাখিমৰীয়া মণ্ডলৰ উদ্যোগতো স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনোৱা হয় । মণ্ডল সমিতিৰ সভাপতি নৰেন দাস, বিজেপি নেতা যুগ কুমাৰ বৰদলৈ আৰু সীমা দাসৰ নেতৃত্বত বিজেপি নেতা-কৰ্মীসকলে পাখিমৰীয়া মৌজাৰ বুঢ়াগোসাই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, বৰকলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দেওধৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে বৰজহা, মধুপুৰ আদিতো চিকিৎসক, স্বাস্থ্য কৰ্মী সকলক সম্বৰ্ধনা জনাই ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা