এইডছৰ হটস্পটত পৰিণত নগাঁৱৰ কাৰাগাৰ≈≈৯১ জন কয়দীৰ দেহত এইচ আই ভি চিনাক্ত

# এইডছৰ হটস্পটত পৰিণত নগাঁৱৰ কাৰাগাৰ≈≈৯১ জন কয়দীৰ দেহত এইচ আই ভি চিনাক্ত

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ অক্টোবৰঃ বৰ্তমান এইডছৰ হটস্পটত পৰিণত হৈছে নগাঁৱৰ বিশেষ আৰু কেন্দ্ৰীয় কাৰাগাৰ দুখন। ভয়াবহ পৰিবশৰ সৃষ্টি হৈছে নগাঁৱৰ এই দুখন কাৰাগাৰ ৷ ৰাজ্যৰ একমাত্ৰ বিশেষ কাৰাগাৰ আৰু কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ দেহত ধাৰাবাহিকভাবে ধৰা পৰিছে এইডছ আক্ৰান্ত কয়দী ৷ ফলত হাহাকাৰ লাগিছে কাৰাগাৰ দুখনৰ লগতে সমগ্ৰ জিলাখনত ৷ আনকি যথোচিত ভাবে কয়দীৰ স্বাস্থ্য পৰীক্ষা কৰিলে এইডছ আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ বিগত ছেপ্টেম্বৰ মাহত কাৰাগাৰ দুখনত সৰ্বমুঠ ৮৫ গৰাকী কয়দীৰ দেহত ধৰা পৰিছিল এইছ আই ভি পজিটিভ ৷ ইয়াৰ ভিতৰত বিশেষ কাৰাগাৰত ৪৫ আৰু কেন্দ্ৰীয় কাৰাগাৰত ৪০ জন কয়দী । ইয়াৰ বিপৰীতে অক্টোবৰ মাহটোত বৰ্তমানলৈকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে এইছ আই ভি পজিটিভ । ইয়াৰ পূৰ্বে জানুৱাৰীৰ পৰা জুলাই মাহলৈকে কাৰাগাৰ দুখনৰ ৩০ জন কয়দীৰ দেহত এইডছ ধৰা পৰিছিল ৷ পৰবৰ্তী সময়ত আনসকলৰ দেহত মাৰাত্মক এইডছ ধৰা পৰে ৷ ইয়াৰ ভিতৰত মহিলা কয়দীও আছে ৷ চাৰিগৰাকী মহিলা এইডছ আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে ৷ এনেদৰে কাৰাগাৰ দুখনত ৯১ জন কয়দী এইডছত আক্ৰান্ত হোৱাটোয়ে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷ এক সূূত্ৰৰ মতে, এইচ আই ভি পজিটিভ ধৰা পৰা কয়দী সকলৰ অধিকাংশই ড্ৰাগছ আসক্ত আছিল ৷ চিৰিঞ্জেৰে ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলতেই এইচ আই ভি ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা