কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত≈≈গা-খজুৱা এফ.চি.ৰ অগ্ৰগতি#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১০অক্টোবৰঃ নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত গা-খজুৱা এফ চিয়ে অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিযোগিতাৰ আজিৰ খেলত গা-খজুৱা ফুটবল ক্লাৱে নগাঁও মৰ্ণিং গ্ৰুপ ফুটবল দলক ২-০ গ'লত পৰাজিত কৰে । খেলখনত গা-খজুৱা এফ চিৰ হৈ গ'ল দুটা দিয়ে বিক্ৰম বৰদলৈ আৰু নয়ন বৰদলৈয়ে । আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী সমীৰ বৰদলৈক সহায় কৰে বিষ্ণু বৰদলৈ, মুন দেউৰী আৰু কণ্ঠী ৰাজা (চতুৰ্থ) ই ।
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা